Bangiya Sahitya Parishad, Kolkata
Stuti-mala
Front matter
No text on this page.
No text on this page.
No text on this page.
তি-নালা
No text on this page.
স্তুতি-মালা।
শ্রীতৰুণৰাম ফুকন
ডিচেম্বৰ ১৯২৬।
বেচ, কাপোৰ বন্ধা
প্রকাশক
শ্রীদুর্গাধৰ বৰকটকী
৯৪১নং ওপৰ চাকুলাৰ ৰড
কলিকতা।
কলিকতা
২নং বেথুন ৰাে, ভাৰতমিহিৰ যন্ত্ৰত,
সর্বেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা
মুদ্রিত।
মাতৃদেবীৰ
শ্ৰীচৰণ উদ্দেশে
অভাজন পুত্ৰৰ
ভক্তিৰ উচৰ্গা
তরুণ
No text on this page.
প্রকাশকৰ নিবেদন এই স্তুতি-পদখিনি দেশভক্ত শ্ৰীযুক্ত তৰুণৰাম ফুকন দেৰে, তেখেতে যেতিয়া মহাত্মা গান্ধীৰ “অসহযােগিতা” আন্দোলনত যােগ দিয়াৰ হেতুকে এবছৰকাল শিলচৰ জেইলত বাস কৰিছিল, তেতিয়া লিখে। তেখেতে নিজেই প্রকাশ কৰিবলৈ তাক ৰাখি থৈছিল। কিন্তু কথাপ্রসঙ্গত মই প্ৰকাশ কৰিবলৈ ইচ্ছা কৰাত তেখেত বৰ আনন্দেৰে এই ভাৰ মােক গতাই দিয়ে। আজৰি পৰৰ লগৰীয়া স্বৰূপে সকলােৱে একোখনি লৈ পুথিখনিলৈ বিশেষ আদৰ দেখুউৱাব বুলি আশা কৰিলে। ১৮ ডিচেম্বৰ, শ্রীদুর্গাধৰ বৰকটকী
No text on this page.
সুদী। পিঠি ৪০০ re pE ৮ । ০৫০ ০ ০ ০ ০০০ ৮ ০ ০ ৮ ০০ ০ ০ ০ বিষয় ১। ইষ্টদেৱ স্তুতি ২। শ্রীমধুসূদন স্তোত্র গুৰু স্তুতি ৪। গােপাল স্তোত্র ৫। পিতৃ স্তোত্র ৬। মাতৃ স্তুতি ৭। কৃষ্ণনাম ঝুতি ৮। গুৰুমহিমা স্তৰ ৯। ব্রহ্মা স্তুতি ১০। বিবেক মঞ্জৰী ১১। কাশী স্তোত্র ১২। লক্ষ্মী স্তুতি ১৩। দুর্গা প্রতি ১৪। পৰমব্রহ্ম স্তুতি ১৫। পৰমেশ স্তুতি ১৬। আশুতােষ স্তুতি ১৭। গীতাসাৰ স্তোত্র (১) ১৮। অন্নপূর্ণা স্তোত্র ১৯। মহেশ্বৰ তোৰ ২০। বিশ্বেশ্বৰ স্তোত্র ২১। বিশ্বৰুপ বন্দন • • ০৫ ০০০ २४ • ০ ০ ০ ০ ০ ০ ২৭ ০৪ ১০০ ৩০ ০০০ [ ২ ] বিষয় পিঠি ২২। গােপাল স্তোত্র ৪০ ২৩। নাৰায়ণ স্তোত্র ৪১ ২৪। কৃষ্ণ স্তোত্র 82 ০৪ ০ ০ ০ ১৮ ••• ৫০ ৫৪ ৫০০ ০ ০০ ২৫। নবগ্রহ স্তোত্র ২৬। মুরলীধৰ স্তোত্র ••• ২৭। মহালক্ষ্মী স্তোত্র ২৮। ভক্তযােগী স্তোত্র ২৯। গঙ্গা স্তুতি ৩০। কামাখ্যা স্তুতি ৩১। জ্ঞানযােগী স্তোত্র ৩২। কৰ্ম্মযােগী স্তোত্র ৩৩। কাকূতি ৩৪। অভাজনৰ স্তুতি ৩৫। সৰস্বতী স্তুতি ৩৬। সূর্য স্তোত্র ৩৭। পৰমাত্মা স্তোত্র ••• ৩৮। ভক্ত স্তুতি ৩৯। গীতাসৰ স্তোত্র (২) ৪০। দুর্গানাম স্তুতি ৪১। অক্ষৰব্ৰহ্ম স্তোত্র ৪২। জগদ্ধাত্রী স্তুতি ৪৩। গীতাসৰ স্তোত্র (৩) ৪৪। গীতসাৰ স্তোত্র (৪) ০০০ • ০৫ ৪০০ ০ ০ ০ ••• ৭০ ••• ৮ ০০ •••
.
পিঠি
•••
•••
৭৪
•••
৭৬
বিষয়
৪৫। গীতা সাৰ স্তোত্র (৫)
৪৬। দশাৱতাৰ স্তোত্র
৪৭। গণেশ স্তোত্র
৪৮। ঈশস্ততি
৪৯। পৰমব্রহ্ম স্তোত্র
৫০। শনি স্তুতি
৫১। মহামায়া স্তুতি
৫। মহাদেৱ স্তুতি
৫৩। চন্দ্রমৌলী স্তোত্র
৫৪। স্তুতি
০০০
•••
৮০০
৭
ss
৮০
৮২
No text on this page.
প্রতি।
ইষ্টদেৱ স্তুতি।
অজ্ঞান আন্ধাৰে সদা ঢাকি আছে মােৰ মন
দিয়া প্রভু জ্ঞানৰ পােহ ;
ভক্তিহীন মৃঢ়মতি
তুমি বিনে নাই গতি
অন্ত কৰা মায়াৰ মােহৰ।
দুখ যদি আহে প্রভু
কাতৰ নহওঁ যেন
ভাবে জানো তােমাৰেসে দান ;
তােমাৰ চৰণ চাই
মনে জানাে বল পাই
তােমাতেই মজি থাকে মন।
বিষয়তে থাকি যেন তােমাত নুগুছে ৰতি
সত্য বস্তু পাওঁ দশন ;
সত্যৰ কাৰণে যেন
সুখ ভােগ পৰিহৰি
লব পাৰে সাৱটি মণ।
মৰণৰ ভয়ে প্রভু
মনক ব্যাকুল কৰে
মায়াই আকুল কৰে প্রাণ ;
ইতো দেহা যদি যাই
আত্মাৰ মৰণ নাই
দিয়া প্রভু এই সজ জ্ঞান।
২
স্তুতি-মালা।
কৰ্ম্ম সদা কৰো যেন কর্তব্য পথক চাই
ফল আশা কৰ্ম্মৰ বন্ধন।
আকুল আহৰ ভৈলে। মায়াৰ মােহত পৰি
কৰা প্ৰভু মায়াৰ নিৰ্জান।
শ্রীমধুসূদন স্তোত্র।
দুৰ্ঘোৰ সংসাৰ মায়া
কিমতে গুছাম প্রভু
দিয়া মােক এই সজ জ্ঞান ;
কাল মায়া টোপনিত
অচেতনে আছে পৰি
ৰক্ষা কৰা শ্ৰীমধুসূদন।
তুমি বিনে গতি নাই তুমিসে শৰণ মােৰ
পাপপঙ্কে পৰি যায় প্রাণ ;
কৃপা কৰা হে হৰি
চৰণে শৰণ মার্গে।
ৰক্ষা কৰা শ্ৰীমধুসূদন।
পুত্র দাৰা গৃহ আদি
মায়াই মুহিছে মােক
বিষয়তে সদা মােৰ মন ;
বিষয় বিষৰ জালে জলা-কলা ইতত দেহ।
ৰক্ষা কৰা শ্ৰীমধুসূদন।
স্তুতি-মালা।
ভক্তিহীন মূঢ়মতি
সদায় পাপত ৰতি
দুখ শােকে পীড়ে ঘনে ঘন ;
সহায় সাৰথি হীন ৰােগে শােকে দেহ ক্ষীণ
ৰক্ষা কৰা শ্ৰীমধূসূদন।
অহা যােৱা মাত্র সাৰ নাই তাৰ পাৰাপাৰ
লভি জন্ম পুনৰ মৰণ ;
শ্ৰান্ত ভৈলোঁ। হে হৰি চৰণে চপাই ধৰি
ৰক্ষা কৰা শ্ৰীমধুসূদন।
অশেষ গৰ্ভত বাস ভাবি মনে লাগে ত্রাস
জন্ম দুখ মণ সমান ;
জঠৰ যন্ত্রণা অতি
গুছুৱাহা জগপতি
ৰক্ষা কৰা শ্ৰীমধুসূদন।
বিবুধিত পৰি স্বামি শৰণ পশিলে। আমি
তুমি হৰি প্ৰপন্ন তাৰণ ;
পাৰ কৰা দুখসিন্ধু
অনাথ জনৰ বন্ধু
ৰক্ষা কৰা মধুসূদন।
দুনাই নকৰোঁ বুলি
দুই দুনাই কৰি
কৰি আছে। পাপ অগণন।
সি পাপসাগৰ হন্তে
পাৰ কৰি কৃপাময়
ৰক্ষা কৰা শ্ৰীমধুসূদন।
সুকৰ্ম্মত নাহি মতি
কুকৰ্ম্মত সন্ন ৰতি
সংসাৰত মজি আছে মন ;
স্তুতি-মালা।
মােহমায়া দূৰ কৰি
চৰণে চপাই ধৰি
ৰক্ষা কৰা শ্ৰীমধুসূদন।
পশু পক্ষী আদি কৰি বহু জন্ম লভি আছে
কোটী কোটী জনম মৰণ ;
আদি অন্ত নাই তাৰ তােমাকে কৰিছে সাৰ
ৰক্ষা কৰা শ্ৰীমধুসূদন
ভয়ত কাতৰ হই
বলকি ফুৰিছো প্রভু
উলৱল সদা মােৰ মন ;
মােৰ সম তাল্পমতি
নাই আৰু জগপতি
ৰক্ষা কৰা শ্ৰীমধুসূদন।
আৰু যদি জন্ম পাওঁ তােমাতে শৰণ লওঁ
ভুৱা পাৱে ভক্তি অনুক্ষণ।
এয়ে যেন মােৰ হয়
কৃপা কৰা দয়াময়
ৰক্ষা কৰা শ্ৰীমধুসূদন।
চন্দ্র সূর্য গ্রহ আদি
ঘূৰি ঘূৰি ফুৰে সবে
সি সবৰো কৰ্ম্মৰ বন্ধন ;
যি জনে তােমাত প্রভু একান্তে শৰণ লয়
ৰাখা তাক শ্রীমধুসূদন।
এতেকে পৰমেশ্বৰ
দাস তৈলে। চৰণৰ
লােৱা প্ৰভু দেহ প্রাণ মন ;
চৰণ ছত্ৰৰ ঘঁয়া
দিয়া দূৰ কৰা মায়া
ৰক্ষা কৰা শ্ৰীমধুসূদন।
স্তুতি-মালা। শুকদেৱে ৰচা ইতে শ্রীমধুসূদন স্তুতি ভণে ময় কিঙ্কৰ তৰুণ ; প্রভু তুমি আশুতােষ বঢ়া টুটা শত দোষ ক্ষমিয়ােক শ্রীমধুসূদন। ; গুৰু স্তুতি। অখণ্ড মণ্ডলাকাৰ ব্যাপি আছে চৰাচৰ আদি অন্ত মাজ নাই যাৰ ; অব্যক্ত ঈশ্বৰ ৰূপ সাক্ষাৎ কয় যেয়ে সেই গুৰুপদে নমস্কাৰ। অজ্ঞান আন্ধাৰে যেবে দৃষ্টি ৰােধ কৰি ৰাখে নাই শক্তি তত্ত্ব দেখিবাৰ জ্ঞানৰ পােহৰ দিয়া স্বৰূপ দেখায় যেয়ে সেই গুৰুপদে নমস্কাৰ। নমাে নমো ৰুদেৱ ঈশ্বৰ স্বৰূপে প্রভু যাৰ বাক্য অমৃত সমান ; যাক পিয়া মূঢ় নৰে সংসাৰ সাগৰ তৰে সেই গুৰুপদে নমস্কাৰ। নমো গুৰু কৃপাময় কৃপাৰ সাগৰ তুমি তুমি দেৱ জ্ঞানৰ মূৰতি; তোমাৰ চৰণপদ্মে ভক্তি যেন থাকে সদা কৰে। প্ৰভু কাতৰে মিনতি।
চায় চক্ষু
গােপাল স্তোত্র।
নবীন নীদ শ্যাম
বর্ণে দেহ অনুপম
সুনীল কমল যেন আঁখি ;
বল্লবি নন্দন হৰি
টেৰ কৰি
মুখে অল্প মনােহৰ হাঁসি।
সুনীল কুঞ্চিত কেশ
মধুৰ মােহন বেশ
গলে শােভে বনমালা কত ;
কাণত কুলকান্তি
হিয়াত মুকুতাপাস্তি
বিমােহিত ব্রজবাসী যত।
স্বৰ্ণৰ কিৰীটি শীৰে বায়ু আসি অতি ধীৰে
পতাম্বৰ দোলায় সঘনে ;
গােপীবাে হৃদয় মন
দোলে লগে ঘনে ঘন্
প্রেমভাৱ উপজিয়া মনে।
মধুৰ বংশীৰ ধ্বনি
সবে শুনে তব্ধ মানি
গােপীৰ আকুল কৰে প্রাণ ;
আনন্দে যশােদা আই চাৰি ভিতি ঘূৰি চাই
কৃষ্ণ বিনে নেদেখয় আন।
পিন্ধিছে বিচিত্র বাস
কৰি অতি লয়লাস
কৃষ্ণ বিনে নাই চিন্তা আন
মােহিত গােপৰ বধূ
কটাক্ষে মােহিত কৰি প্রাণ।
পিয়ে মুখপদ্মমধু
স্তুতি-মালা।
গােপশিশু সমে মিলি
যমুনাত কৰে কেলি
ধেনু চাৰি কৰে কত খেলা ;
শীতল কদম তলে
ধীৰে যেবে বায়ু বলে
থাকে তাতে শুতি কতাে বেলা।
তুগিৰি ওচৰত
ৰত্নাসন ওপৰত
বহি থাকে সময়ত গই;
গগাবর্ধন বিতােপন
তাতে বহি বহু ক্ষণ
থাকে ৰস ৰসসফুল্ল হই।
ইন্দ্রে যেৱে বাৰে বাৰে বষিলে ধাৰাৰে
হােৱে যেন জলৰ প্লাৱন ;
হলি তেবে চক্রপাণি নিবাৰিলা তুচ্ছ মানি
বাওঁ হাতে ধৰি গােবর্ধন।
মধুৰ বেণুৰ ৰৱে
হেম্বেলায় ফুৰে সবে
দামুৰি সহিতে যত গাই ;
কৃষ্ণৰ চৌপাশে ঘূৰি কাণ থিয় কৰি কৰি
চায় কৃষ্ণ দুনাই দুনাই।
দণ্ডপাশ হাতে ধৰি গােপগণে আছে বেঢ়ি
গােপিনী সকলে গীত গাৱে ;
নাৰদাদি ঋষি মানে
সুললিত নামগানে
স্তুতিবাদ কৰে পৰি পাৱে।
সহস্র বছৰ ধৰি
কঠোৰ তপস্যা কৰি
অন্ত যাৰ গােপীয়ে নাপায় ;
স্তুতি-মালা।
স্নেহত যশােদা মাৱে ভক্তিত গােৱাল ছাৱে
প্রণয়ত গােপিনীয়ে পায়।
ভক্তি হীন শ্রদ্ধা হীন ময় মূঢ় অতি দীন
পূজা মন্ত্র নাজানে কিঞ্চিৎ
তৰুণাে তােমাৰে দাস হেন জানি জগবাপ
তুৱা পাৱে নকৰা বঞ্চিত।
•
পিতৃ স্তোত্র।
তােমাৰ চৰণপদ্ম
আৰাধ্য আমাৰ
তুমি দেৱ জন্মৰ কাৰণ ;
নিৰ্ম্মল জ্ঞানৰ দাতা
তুমি গুৰু মােৰ
সেৱা কৰে তােমাৰ চৰণ।
প্রাণনাে অধিক দেখা
পুত্রক ভােমাৰ
তুমি সৰ্ব্ব সুখৰ নিদান
আশুতােষ শিৱৰূপী
ঈশ্বৰ সমান
পৰি কৰে। চৰণ বন্দন।
অপৰাধ ক্ষমা কৰা
দয়াশীল তুমি
ত্যু কৃপা অসীম অপাৰ ;
দুল্লভ মানব জন্ম
তোমাৰে কাৰণ
পাৱে পৰি কৰোঁ নমস্কাৰ।
স্তুতি-মালা।
পিতা ধৰ্ম্ম পিতা স্বর্গ
পিতায়েসে তপ
পিতৃ ভক্তি মুক্তিৰ কাৰণ ;
পিতৃদেৱ তুষ্ট হলে
তুস্ট সর্ব দেৱ
জানি পদে পশিলে। শৰণ।
মাতৃ স্তুতি।
দয়াৰ জীৱন্ত মূৰ্ত্তি ত্যাগৰ প্রতিমা
পুত্ৰৰ আধ্যা তুমি আই ;
ঈশ্বৰী স্বৰূপা তুমি তুৱা পাৱ সেবি
জীৱন্ততে মােক্ষ পদ পাই।
কৃষ্ণনাম স্তুতি।
গােকুলৰ প্রাণ হৰি গােপীৰ বল্লভ।
গােতমীৰ প্রিয় প্রভু যােগীৰ সুলভ।
নাৰায়ণ নবীৰ নিৰঞ্জন হৰি।
নসিংহ নাগনাথ নৰকান্ত কাৰী ।
পীতাম্বৰ পদ্মনাভ পতিত পাবন।
পৰম পৱিত্ৰ শিব সত্য সনাতন।
ৰধুৰ নন্দন তুমি ৰাৰণৰ অৰ।
নমস্কাৰ কৰোঁ। প্রভু চৰণত পৰি।
স্তুতি-মালা।
বিশ্বেশ্বৰ বিশ্বৰূপ বিঠল বামন।
বাসুদেব বনমালী বন্ধ বিমােচন।
দামােদৰ দিব্য সিংহ দৈত্যৰ দমন।
দৈবকী হৃদয়ানন্দ নন্দৰ নন্দন।
মুকুন্দ মুৰাৰি হৰি মুষ্টিৰ মৰ্দন।
খঞ্জকেশ মহাবাহু কেশি নিসূদন ।
কেশৱ কমলাকান্ত কমলাৰ পতি।
কাতৰে কাকূতি কৰে। সাধা মােৰ গতি।
ভূধৰ ভুবনানন্দ ভূতৰ ভাবন।
ভাবগম্য ভবনাথ ভবৰ কাৰণ ।
জগন্নাথ জনার্দন জাত্য বিনাশক।
জগতৰ পতি জয় জগত পালক।
চিদানন্দ চিৎৰূপ শ্রীমধুসূদন।
চক্ৰধাৰী চতুভুজ চানুৰ মৰ্দন।
ঐকৰ শ্ৰীনাথ সােম্য একস লাঞ্ছিত।
শ্ৰধৰ কৰুণাময় ভকত বাঞ্ছিত।
যােগেশ্বৰ যজ্ঞপতি যশােদা নন্দন।
যােগীৰ হৃদয়ানন্দ আনন্দ বৰ্দ্ধন ॥
শালগ্রাম শিলাৰূপী শঙ্খচক্ৰধৰ।
সুৰাৰে সদা সেৱে জুৰি দুই কৰ।
ত্রিবিক্রম তপােমূৰ্ত্তি ত্রিতাপ নাশন।
তুলসীৰ প্রিয় তুমি জগত বন্দন ।
স্তুতি-মালা।
১১
লােকেশ্বৰ লক্ষমীপ্রিয় লীলাময় হৰি।
তৰুণে শৰণ মাগে লয়াে দাস কৰি।
গুৰুমহিমা স্তব।
সুন্দৰ সুৰূপ
নীৰােগ শৰীৰ
যশস্যৰ নাই পাৰ।
গুৰুপাদপদ্মে
যদি ভক্তি নাই
বিফল জনম তাৰ ৷
পুত্র দাৰা ধন
বান্ধৱ স্বজন
সবেও আছয় যাৰ।
গুৰুপাদপদ্মে
ভক্তিহীন যদি
বিফল জনম তাৰ ।
বেদ শাস্ত্র আদি
গদ্য পদ্য মানে
সদায় কণ্ঠত যাৰ।
গুৰুপাদপদ্মে
ভক্তিশূন্য ভৈলে
বিফল জনম তাৰ।
স্বদেশে বিদেশে
গণ্যমান্য সদা
আচাৰৰ পবিত্ৰ যাৰ।
গুৰুপাদপদ্মে।
ভক্তিহীন ভৈলে
বিফল জনম তাৰ।
১২
স্তুতি-মালা।
ৰাজ চক্রবর্তী
ৰাজা মহাৰাজা
পাদ সেৱা কৰে যাৰ
গুৰুপদপদ্মে
ভক্তি যদি নাই
বিফল জনম তাৰ ।
দাতাকর্ণ সম
দানৰ প্ৰভাৱ
অতুল সম্পদ যাৰ ।
গুৰুৰ চৰণে
ভক্তি বিনে জানা
বিফল জনম তাৰ।
ঐশ্বৰ্য্য সম্পদ
পত্নীৰৰ সম্ভোগ
অনাসক্ত মন যাৰ।
গুৰুপাদপদ্মে
ভক্তি যাৰ নাই
বিফল জনম তাৰ ॥
;
ব্ৰহ্ম স্তুতি।
জীৱৰ আশ্ৰয় হেতু
মােক্ষৰৰ তুমিসে সেতু
তুমি প্রভু বিশ্ব চৰাচৰ ;
জ্ঞনিময় সত্যৰূপ
তুমি প্রভু জগভূপ।
তােমাকেই কৰে। নমস্কাৰ।
তুমি বিনে নাই আন তুমি ব্ৰহ্ম তুমি প্রাণ
ব্যাপি আছ বিশ্ব চৰাচৰ ;
স্তুতি-মালা।
১৩
নিগুণ গুণৰ বাজ তাদি অন্ত নাই মাজ
তােমাকেই কৰোঁ নমস্কাৰ।
সৃষ্টি স্থিতি প্রলয়ৰ
তুমি কর্তা জগত
নির্বিকাৰ তুমি পৰাৎপৰ ;
সুজন পালন কৰি
তুমি মাত্র আছা হৰি
তােমাকেই কৰে। নমস্কাৰ।
তুমি অগতিৰ গতি
নমাে নমাে জগপতি
নমে দেব জগতৰ সাৰ
নমো দেৱ নিৰঞ্জন
শিৱ সত্য সনাতন
তােমাকেই কৰোঁ নমস্কাৰ।
অব্যক্ত ঈশ্বৰ স্বামী কিমতে ভজিবো আমি
ভক্তিহীন মই দুৰাচাৰ ;
দিয়া প্রভু তত্ত্বজ্ঞান কৰা মােক পৰিত্ৰাণ
তােমাকেই কৰোঁ নমস্কাৰ।
বিবেক মঞ্জৰী।
দিন্ ৰাতি গধূলি সঁজ ৰাতি পুৱা,
জাৰ গৈ বসন্তৰ গুদ অহা যােৱা।
কালে ৰং কৰি থাকে পৰমায়ু যায়,
আশা কিন্তু লাগি থাকে তাৰ শেষ নাই
১৪
স্তুতি-মালা।
হেন জানি গােবিন্দপদে কৰা ৰতি,
গগাবিন্দ গােবিন্দ ভজা মূঢ়মতি।
অন্তকে লগ পালে জানিবা মনাই,
গগাবিন্দত বিনে কাৰো আন গতি নাই ।
পিঠিত ৰদৰ তাপ আগে মাথোঁ। জুই,
আঠ দুটি সাৱটিয়েই থাকে। ৰাতি শুই।
জীৱ ধৰোঁ। ভিক্ষা মাগি তরুতলে বাস,
তথাপিও নুগুছয় মােৰ ইতো আশ ।
হেন জানি গােবিপদে কৰা ৰতি••••• ইত্যাদি
টকা কড়ি ধন্ সােণ, দিব পাৰামানে,
মৰম কৰিব সবে আপােনাৰ জনে।
অশক্ত শৰীৰ মন পৰি থাকা যেৱে,
বার্তাও তােমাৰ জানা নুসুধিব কেৱে।
হেন জানি গােবিন্দপদে কৰা ৰতি•••
জটা ৰাখো সময়ত কেশহীন কৰোঁ,
গেৰুৱাকে আদি কৰি বহুবেশ ধৰোঁ।
পেটৰ কাৰণে ভেষ নাই তাৰ পাৰ,
দেখিও নেদেখে। কিন্তু অসাৰ সংসাৰ।
হেন জানি গােবিন্দপদে কৰা ৰতি•••
পঢ়ে গীতা ভক্তি ভাৱে সদ। যিতে জনে,
এটুপি গঙ্গাৰ পানী খায় ভক্তিমনে।
স্তুতিমালা।
১৫
এবাৰ বিষ্ণুৰ নাম মনে যিব স্মৰে,
কি কৰিব পাৰে তাক যমৰ কিঙ্কৰে।
হেন জানি গােবিন্দপদে কৰা ৰতি•••
শিথিল সকলাে অঙ্গ শুভ্র কেশজাল,
দাত নাই সােলা আৰু কেৱল কঙ্কাল।
লাখুটিত ভিৰ দিহে চলিছে ককাই,
তথাপি আশাৰ কিন্তু ওৰ পৰা নাই।
হেন জানি গােবিন্দপদে কৰা ৰতি,
গগাবিন্দ গােবিন্দ ভজা মূঢ়মতি।
অন্তকে লগ পালে জানিবা মনাই,
গােবিন্দত বিনে কাৰৰ আন গতি নাই।
সৰু সৰু লৰা ফুৰে ৰঙতেই মতি,
ডেকা মানে দেখা যায় গাভৰুতে ৰতি।
বুঢ়া হলে বহি বহি চিন্তোতেই যাই
পৰম ব্রহ্মত মন কাৰােয়েই নাই।
হেন জানি গােবিন্দপদে কৰা ৰতি•••
পুনৰ জনম লভি পুনৰ মৰণ,
জননীৰ জঠৰত পুনৰ বন্ধন।
কৃপা কৰি পাৰ কৰা মুৰাৰি সংসাৰ
অপাৰ জানিলোঁ ইতত নাই পাৰাপাৰ ।
হেন জানি গােবিপদে কৰা ৰতি...
ৰাতি আহে দিন যায় দুনাই দুনাই,
১৬
স্তুতি-মালা।
ঘূৰি ঘূৰি পখ মাহ আহে আৰু যায়।
সলাই সলাই আহে বছৰ অয়ণ,
তথাপিও নাই কিন্তু আশাৰ মৰণ।
হেন জানি গােবিন্দপদে কৰা ৰতি...
বয়সৰ লগে শেষ কামৰ বিকাৰ,
পানী অন্তে যেনে থাকে পুখুৰীৰ পাৰ।
অভাৱত তৰিবৰ ৰক্ষা হেতু নাই,
তত্ত্ব জ্ঞান পালে তেৱে গুছে সমুদাই।
হেন জানি গােবিন্দপদে কৰা ৰতি•••
নাৰীৰ স্তনত যিটো মনত বিচাৰ,
মিছা বুলি জানা সিটো মায়াৰ বিকাৰ ।
দকই গমি চালে বুজি পাবা সাৰ,
সিটো মাথো তেজমাংসৰ বিকাৰ।
হেন জানি গােবিন্দপদে কৰা ৰতি
গােবিন্দ গােবিন্দ ভজা মূঢ়মতি।
মৰণে লগ পালে জানিবা মনাই,
গােবিন্দত বিনে কাৰৰ আৰ গতি নাই।
তুমি কোন্ মই কোন্ কৰ পৰা আহিলোঁ,
কোন্ মাতা কোন পিতা কেনেকই লভিলে।।
বিচাৰ কৰিলে পবা অসাৰ সংসাৰ,
সপােন মাথােন সবে নাই একো সাৰ।
হেন জানি গােবিন্দপদে কৰা ৰতি ইত্যাদি
স্তুতি-মালা।
১৭
লােৱ মুখে হৰিনাম সহস্রেক বাৰ,
শ্ৰপতিৰ ৰূপধ্যান হৃদে কৰা সাৰ।
সৎ সঙ্গ লােৱা মন থিৰ কৰা তাতে,
দুখীয়াক দান কৰা দুখ গুচে যাতে ।
হেন জানি গােবিন্দপদে কৰা ৰতি•••
জীৱটি নেযায় মানে দেহটিক ধৰি,
লয় সকলােৱে তাৰ কুশল বাতৰি।
জীৱশূন্য দেহা দেখি ভাৰ্য্যা আদি কৰি,
নাচাপে ওচৰ কেও মৰণক ডৰি।
হেন জানি গােবিন্দপদে কৰা ৰতি...।
মনৰ সুখত কৰে ৰমণী সম্ভোগ,
ফলত প্রবেশ কৰে শৰীৰত ৰােগ।
যদিও নিতে
লােক যাতনাত মৰে,
তথাপিও জানি শুনি পাপকে আচৰে ।
হেন জানি গােবিপদে কৰা ৰতি...।
ফটা কানি আনি আনি কঁঠা কৰি লােৱা,
পাপপুণ্যশূন্য ইটো বাট ধৰি যােৱা ।
তুমি নাই তেওঁ নাই নাই এই লােক,
এই সত্য জানি শুনি নকৰিবা শােক।
হেন জানি গােবিন্দপদে কৰা ৰতি,
গােবিন্দ গােবিন্দ ভজা মূঢ়মতি।
স্তুতি-মাল।
মৰণে লগ পালে জানিবা মনাই,
গােবিন্দত বিনে কাৰো আন গতি নাই।
সাগৰসঙ্গম আদি যত তীর্থস্থান,
তাতত গৈ যদি ভুমি কৰি আহা স্নান।
ব্ৰত যজ্ঞ জপ তপ যত কৰা দান,
জ্ঞান বিনে একোতেই নাই পৰিত্ৰাণ ॥
হেন জানি গােবিন্দপদে কৰা ৰতি•••
জ্ঞানহীন অল্পমতি জ্ঞান বিনে নাই গতি,
জানি এই সত্য অনুপাম।
শঙ্কৰৰ মূল চাই তৰুণ কিঙ্কৰে গায়,
লােৱঃ সদা গোবিন্দৰ নাম ।
গৃহ বা অৰণ্য
মানত সমান
বিবকে। আছয় যাৰ।
গুৰুপাদপদ্মে
ভক্তিৰ অভাৱে
ফিল জনম তাৰ।
ভূপতি সন্ন্যাসী
গৃহী ব্রহ্মচাৰী
তানী বা অজ্ঞানী নৰে ।
গুৰুৰ চৰণে
দৃঢ় ভক্তি ভৈলে
ব্ৰহ্মপদ লাভ কৰে ।
কাশী-স্তোত্র ।
পিতৃ মাতৃ আদি মানে
আপােনাৰ বন্ধু জনে
আওকাণ কৰি এৰে যেবে ;
ঘূৰি ঘূৰি ফুৰি চায় যাৰ কতাে গতি নাই
তাৰ গতি বাৰাণসী তেবে।
হাড় ছাল মাথাে সাৰ
শৰীৰত ব্যাধিৰ
নাই পথ্য ঔষধৰ নাম ;
সকলােৱে মুখ চায়
পুতে যে কৰোতা নাই
তাৰ গতি বাৰাণসী ধাম।
পদে পদে বিপদৰ
নাই সীম সংখ্যা যাৰ
যাৰ নাই সম্পদৰ লেশ ;
একেবাৰে নিৰুপায়
যাৰ কতো গতি নাই
ভাৰ গতি বাৰাণসী দেশ।
দিনেৰাতি কৰে পাপ পায় শোক পৰিতাপ
মুক্তিৰ উপায় নাই যাৰ ;
দুখতেই দিন যায়
যাৰ কতু গতি নাই
তাৰ গতি বাৰাণসী পাৰ ।
সংসাৰৰ ভয়ে যাৰ
কম্পে হিয়া অনিবাৰ
বন্ধনত পৰি যায় প্রাণ ;
স্তুতি-মালা।
•
বিষয় বিষ খাই
জ্বলি পুৰি প্রাণ যাই।
তাৰ মাথোঁ বাৰাণসী স্থান।
আচাৰ বিচাৰ হীন
কুকৰ্ম্মতে সদা লীন
নামানয় শাস্ত্রঅনুপাম
অনাচাৰী পশুপ্রায়
যাৰ কতত গতি নাই
তাৰ গতি বাৰাণসী ধাম।
তপ জপ য দান
ধৰ্ম্ম কৰ্ম্ম আদি জ্ঞান
নাই মুখে ঈশ্বৰৰ নাম ;
মানব জনম পাই
যাৰ কতো গতি নাই
তাৰ গতি বাৰাণসী ধাম।
পদে পদে অপমান
কৰে সবে হেয়জ্ঞান
ঘিণ কৰে শুনিলেই নাম
যেতিয়া দেখিবা চাই আৰু কতাে গতি নাই
তাৰ গতি বাৰাণসী ধাম।
শঙ্কৰৰ পদ চাই
তৰুণ মূৰুখে গায়
যদি কৰা মুকুতিত আশ;
বিষয় ওখক এৰি
হৰি হৰি
মুখে কৰা বাৰাণসী বাস।
•
বােলা মুখে
লক্ষ্মী-স্তুতি।
মহামায়া মহালক্ষনী
সুৰৰ পূজিতা ;
শঙ্খ-চ-গদ হস্তে
জগত বন্দিতা।
নাৰায়ণ সঙ্গে সদ
গৰুড়ত চৰা ;
মহাপাপ হন্তে তুমি
পাতকিক তৰা।
বৰ দান কৰা তুমি
দুখ কৰা নাশ ;
মুক্ত কৰা জীৱ সবে
কাটি মায়াপাশ।
আদ্যা শক্তি যােগমায়া
মহেশ্বৰী দেবী ;
মুক্ত হয় সিদ্ধগণ
তষু পদ সেবি।
স্থল সূক্ষন সৰূপা
ব্ৰহ্ম স্বৰূপিণী ;
দেবগণে স্তুতি কৰে
জুৰি দুই পাণি।
২২
স্তুতি-মালা।
নাৰায়ণী ক্ষমাশীল।
মই পাপী অতি;
দয়া কৰি দয়াময়ী
সাধা মােৰ গতি।
দুর্গা স্তুতি।
শিবৰ ঘৰিণী
বিশ্বৰূপা তুমি
জগত বন্দিতা আই;
তােমাৰ চৰণে
শৰণ পশিলে।
তুমি বিনে গতি নাই।
জ্ঞানৰ আধাৰ
সদানন্দময়ী।
মােক্ষৰৰ তুমি উপায় ;
অপর্ণা পাৰ্ব্বতী,
সাধা মােৰ গতি
তুমি বিনে গতি নাই।
অনাথ আতুৰ
তৃষ্ণাত আকুল,
জীৱন্ততে মৰা প্ৰায় ;
সি সবাৰাে দেবী
তুমিয়ে জননী
তুমি বিনে গতি নাই।
ঘােৰ অৰণ্যত
ৰণৰ মাজত
শত্ৰুৱে যেতিয়া পায়,
স্তুতিমালা। দুখ বিনাশিনী জগত তাৰিণী তুমি বিনে গতি নাই। সংসাৰ সাগৰ নাই পাৰাপাৰ তাত পৰি ল যায় ; নৌকা স্বরূপিণী তুমি মা জননী তুমি বিনে গতি নাই। দুর্দণ্ড অসুৰ অখণ্ড প্রতাপ চণ্ডৰ প্রকোপ পাই ; ইয়েও তােমাতে শৰণ মাগিলে তুমি বিনে গতি নাই। অদ্বিতীয়া তুমি বিষ্ণু আৰাধিতা তোমাৰ চৰণ চাই ; সুৰাৰ নৰে আৰাধনা কৰে তুমি বিনে গতি নাই। ইড়া পিঙ্গলাও সুষুম্নাও তুমি তুমিয়ে প্রকৃতি আই ; শিবানী ভবানী ত্রিতাপ তাৰিণী তুমি বিনে গতি নাই। শব্যাধি চোৰ কোপ নৃপতিৰ সবাৰৰ তুমি উপায় ; ত্রাহি দুর্গে বুলি শৰণ মাগিছে তুমি বিনে গতি নাই।
পৰম ব্ৰহ্ম স্তুতি।
তুমি ব্ৰহ্মা তুমি বিষ্ণু
শিৱ সনাতন ;
সৃষ্টি স্থিতি প্রলয়ৰ
তুমিয়ে কাৰণ।
প্ৰকৃতিৰ স্রষ্টা তুমি
প্ৰকৃতিৰ বাজ ;
নিজেই প্রকৃতি ৰূপে
কৰিছা বিৰাজ ।
ভক্তৰ কাৰণে তুমি
ধৰা নানা ৰূপ ;
যি ভাবে তোমাক ভজে
সেয়েই স্বৰূপ।
সূৰ্য্যৰূপ ধৰি কৰা
তেজৰ বিকাশ ;
চন্দ্ৰৰূপে শীত বলি
কৰিছা প্রকাশ।
মৃত্যুৰ জন কর্তা
মৃত্যুঞ্জয় হৰি
স্তুতি-মালা।
২৫
মৃত্যুয়াে শৰণ মাগে
তুৱা পাৱে পৰি।
পণ্ডিত জনৰ গুৰু
বেদৰ স্বৰূপ ;
বেদকে সুজন কৰা
তুমি জগভূপ।
অক্ষৰ পৰম ব্রহ্ম
জ্যোতিৰ আধাৰ ;
তুমি শব্দ বীজ মন্ত্র
তুমিয়ে কাৰ।
তুমি বিনে গতি নাই নিশ্চয় জানিলোঁ।
তোমাকে কাকূতি কৰি শৰণ পশিলোঁ।
পৰমেশ স্তুতি।
ব্রহ্মা আদি দেৱে যাৰ পদ সেৱে
স্তুতি কৰে দেৱগণে ;
বেদোপনিষদ গীতা ভাগৱত
যাৰ মহিমাক ভণে ;
ধ্যানত তন্ময় যােগীৰ হৃদয়
ৰূপ ধ্যান কৰে যাৰ ;
সুৰাৰ নৰে সহস্র বৎসৰে
তত্ত্বৰ নােয় পাৰ ;
২৬
স্তুতি-মালা।
•
ঋী যজ্ঞে জপে মূর্নি মৌন তপে
সন্ন্যাসী কৰ্ম্মক ন্যাসী ;
গৃহী-গৃহবাসে সবে মুক্তি আশে
আছন্ত যাক উপাশি ;
সেই দেৱদেৱ জগতৰ সেৱ
জানি জগতৰ স্বামী ;
কৃপা বিনে তান গতি নাই আন
শৰণ পশিলোঁ আমি।
জটাৰ মধ্যত
আশুতােষ স্তুতি।
দেৱ উমাপতি
অগতিৰ গতি
গজছাল তযু বাস;
গঙ্গাৰ প্রবাহ
পাপ তাপ কৰা নাশ।
প্রভু মহেশ্বৰ
দেবৰৰ ঈশ্বৰ
বিভূতিভূষিত অঙ্গ ;
চন্দ্র সূৰ্য্য অগ্নি
তােমাৰ নয়ন
ভূতগণ ভযু সঙ্গ।
বৃষভ বাহন
তুমি ভবানীৰ পতি;
সৰ্পৰ ভূষণ
স্তুতি-মালা।
ভম্মে দীপ্তিমান
দেব পঞ্চানন
নীল কণ্ঠে শােভে অতি।
জটা জুট ধাৰী
দেৱ ত্ৰিপুৰাৰি
শিৱ সত্য সনাতন;
জন্ম মৃত্যু জৰা
আদি অন্ত হীন
বিশ্বৰ আদি কাৰণ।
তুমি বিশ্বেশ্বৰ
তৰুণ কিঙ্কৰ আমি
প্রভু আশুতােষ
ক্ষমি মােৰ দোষ
উদ্ধাৰ কৰাহা স্বামী।
জগত ঈশ্বৰ
;
গীতাসাৰ স্তোত্র (১)।
আদি অন্ত মধ্য নাই ব্যাপি আছ। ভূমি,
দ্বাদশ আদিত্য মধ্যে বিষ্ণুৰূপ তুমি।
জ্যোতিৰ মধ্যত তুমি ৰবি অংশুমান,
বায়ুৰ মধ্যত তুমি মৰীচি প্রমাণ।
নক্ষত্রৰ মধ্যে দেৱ শশী প্রভাকৰ,
শ্রেষ্ঠৰ ভিতৰে আছা হুয়া শ্রেষ্ঠ।
বেদৰ ভিতৰে সাম বাসব দেব,
ইন্দ্ৰিয়ৰ মধ্যে মন চেতনা ভূত।
স্তুতি-মালা।
শঙ্কৰ ৰুদ্ৰৰ মাজে যক্ষৰ কুবেৰ,
বসুৰ পাবক তুমি মেৰু পৰ্বতৰ।
পুৰােহিত মধ্যে গুৰু বৃহস্পতি সাৰ,
সেনানীৰ মধ্যে স্কন্দ পানীৰ সাগৰ ।
মহর্ষি মধ্যে ভৃগু বাক্যৰ অক্ষ,
হিমালয় পর্বত শ্রেষ্ঠ জপ যজ্ঞেশ্বৰ।
নাৰদ দেবর্ষি মধ্যে অশ্বথ বৃক্ষ,
মুনিৰ কপিল চিত্ৰৰথ গন্ধৰ্বৰ।
অশ্বমধ্যে উচ্চৈঃস্রৱা গজে ঐৰাৱত,
তুমি ধিপ ৰাজ নৰৰ মধ্যত।
কামধেনু দুগ্ধবতী গাভীৰ শ্ৰেণীত,
অমাজে বজ্র তুমি জানিছো নিশ্চিত।
উপত্তিকাৰক মধ্যে ৰূপ কন্দর্পৰ,
সৰ্পৰ বাসুকি তুমি অনন্ত নাগৰ।
অৰ্যমা পিতৃৰ মধ্যে জলেশ বৰণ,
নিয়মকাৰক মধ্যে যম নিদারুণ।
জ্যোতিষীৰ মধ্যে তুমি জান আছে কাল,
দৈত্যৰ মধ্যত তুমি প্রহলাদ কেৱল।
মৃগৰ মাজত সিংহ পক্ষীৰ গৰুড়,
বেগবান মধ্যে তুমি স্বৰূপ বায়ুৰ।
অস্ত্রাধাৰী মধ্যে ৰাম মৎস্যৰ মৰ,
প্রবাহিনী মধ্যে গঙ্গ। নাশিনী পাপৰ।
স্তুতিমালা।
সর্গাদিৰ মধ্যে তুমি আদি অন্ত মাজ,
আধ্যত্ম বিদ্যাৰ ৰূপ তুমি বিদ্যাৰাজ।
তর্কৰ মধ্যত বাদ দ্বন্দ্ব সমাস,
অকাৰ অক্ষৰ মধ্যে অক্ষয় কালৰ।
ছলনাকাৰীৰ মধ্যে দ্যুত বুলি জানাে,
তেজস্বীৰ যত তেজ তুমি বুলি মানে।
সৰ্বসংহাৰক মধ্যে মৃত্যু ৰূপ ধৰা,
ভবিষ্য কালৰ সৃষ্টি তুমিয়েই কৰা ।
নাৰীৰ সৌন্দৰ্য তুমি বাক্য বুদ্ধি স্মৃতি,
যশস্যা আদিও তুমি তুমি ক্ষমা ধৃতি।
সামৰ বৃহত সাম গায়ত্রী ছন্দ,
আঘােণ মাহৰ মধ্যে বসন্ত ঋতুৰ।
জেতৃৰ তুমিয়ে জয় সিদ্ধিৰ উদ্যম,
সাত্ত্বিকৰ সত্ত্বগুণ গুণৰ উত্তম।
যাদব কুলৰ শ্রেষ্ঠ বাসুদেব স্থিৰ,
পাণ্ডৱৰ মধ্যে তুমি ধনঞ্জয় বীৰ ,
মুনিৰ মধ্যত ব্যাস উশনা কবিৰ,
দমন কৰ্ত্তাৰ নীতি জয়জিগীষুৰ।
গােপন হেতুৰ মৌন জ্ঞান বিদ্যানৰ।
জীৱৰ জীৱন তুমি জগত কাৰণ,
শৰণ পশিলে। প্রভু কহে তাৰণ।
; অন্নপূর্ণা স্তোত্র। আনন্দকাৰিণী অভয়দায়িনী সৌন্দৰ্য ৰত্নৰ খনি পাপবিনাশিনী পতিতপাৱনী কাণীৰাজ ৰাজৰাণী । দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ দাসত্ব কৰা মােচন ; দোষ পৰিহৰি অন্নপূণেশ্বৰী স্বৰাজ কৰাহে দান। সুবর্ণভূষণ বিচিত্রবসন ৰত্নে দীপ্তি কৰে কেশ ; অঙৰু-চন্দন দিব্যানুলেপন ভুবনমােহিনী বেশ। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ দাসত্ব কৰা মােচন ; দোষ পৰিহৰি অন্নপূণেশ্বৰী স্বৰাজ কৰাহে দান । যোগানন্দক ৰিপুক্ষয়কৰ ধৰ্ম্মক প্ৰচাৰ কৰা ; বাঞ্ছাপ্রদায়িনী ঐশ্বৰ্যশালিনী দুখশােক তুমি ইৰা।
স্তুতিমালা। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ দাসত্ব কৰা মােচন ; দোষ পৰিহৰি অন্নপূর্ণেশ্বৰী স্বৰাজ কৰাহে দান। T ; কৈলাশ অচল মনােহৰ স্থল যােগীৰ বােগৰ ঠাই ; শিৱ সঙ্গে ফুৰি কৌমাৰী শঙ্কৰী মুক্তিক আছা বিলাই। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি•• ?? দৃশ্যাদৃশ্য যত বস্তু শত শত তােমাতে প্রকাশ পায় জ্ঞান বা বিজ্ঞান অচিন্ত্য মহান তুমি বিনে একো নাই। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি জগত ঈশ্বৰী কৃপাৰ সাগৰী কৃপা কৰা শিৱজায়া ; মােক্ষবিধায়িনী ত্রিতাপনাশিনী দূৰ কৰা মােহ মায়া। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি। সৰ্বানন্দকী সদা শুভকৰী কাশীপুৰ অধীশ্বৰী ;
স্তুতি-মালা। ভক্ত ইষ্টদাত্রী। জ্ঞানদা বৰদা কামদা সিদ্ধিদা মােক্ষৰো তুমি ঈশ্বৰী। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি । ৰত্নবিভূষিত তুমি দক্ষতা লােক প্রিয়কাৰিণী ; সৰ্ব্বভূত মাতৃ শিৱানী গৌৰীকল্যাণী । দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি...। কোটী ৰবি শশী তােমাতে প্রকাশি দীপিতি কৰে আনন; নানা অস্ত্র ধৰি ভক্ত ৰক্ষা কৰি পাপীকো কৰা তাৰণ। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি। ক্ষত্রিয়ৰক্ষিণী ভয়বিনাশিনী শঙ্কৰৰ তুমি প্রাণ ; সাক্ষান্মােক্ষী দেৱী বিশ্বেশ্বৰী শ্ৰীধৰী কৰা হে ত্রাণ। দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি...। ধন যশ মান বুদ্ধি বৃত্তি জ্ঞান দাসত্বে কৰিলে নাশ ; ধৰ্মধৰ্ম্ম নাই সবে মৃতপ্রায় সততে লাগিছে ত্রাস।
স্তুতি-মালা।
ভূতৰ ভাৱন
দিয়া সজ জ্ঞান কৰা পৰিত্ৰাণ ইত্যাদি...।
আজি দেখো আই
শ্মশানৰ প্রায়
পৱিত্ৰ ভাৰত ভূমি ;
পতিতপাৱন
শঙ্কৰকো মতো আমি।
মিলি হৰ গৌৰী
বিঘ্ন নাশ কৰি
উদ্ধা জনমভূমি।
দিয়া সজ জ্ঞান
কৰা পৰিত্ৰাণ
দাসত্ব কৰা মোচন ;
দোষ পৰিহৰি
শঙ্কৰ শঙ্কৰী
স্বৰাজ কৰাহে দান।
মহেশ্বৰ স্তোত্র ।
পূৰ্ব্ব-জন্ম-কৰ্ম্ম-ফলে মাতৃগর্ভ-বাস-কালে
বহু দুখ ভুঞ্জিলে অপাৰ ;
তথাপিও দুখ পাই শঙ্কৰক ভজা নাই
ক্ষমা কৰা দেৱ মহেশ্বৰ।
শিশুকালে অল্পমতি স্তনপানে সদা ৰতি
নাই কত জ্ঞানৰ পােৰ ;
ৰাগে শােকে দুখ পাই শঙ্কৰক ভজা নাই
ক্ষমা দোষ দেৱ মহেশ্বৰ।
৩৪ স্তুতি-মালা। • বার্ধক্যত মহাপাপ ৰােগ শােক পৰিতাপ দেহা মাত্র হাড়-চাল-সাৰ ; মণকো দেখা পাই শঙ্কৰক ভজা নাই ক্ষমা দোষ দেৱ মহেশ্বৰ। দুর্বোধ্য সংসাৰগতি পাপতেই সদা মতি নাই ধৰ্ম্ম- কৰ বিচাৰ ই-সবকে। জানি মই শঙ্কৰক ভজা নাই ক্ষমা দোষ দেৱ মহেশ্বৰ। যাগ যজ্ঞ তপ দান পূজা ব্ৰত গঙ্গাস্নান নাই কৰা একোকে বেদৰ ; ই-সকলো জানি মই শঙ্কৰক ভজা নাই ক্ষমা দোষ দেৱ মহেশ্বৰ। নমাে নমাে দেৱ দেৱ উমাপতি নমাে নমাে হৰ হৰ ; জগত-কাৰণ ত্রিপ-বাৰণ নমাে নমো বিষ-ধৰ । নমো সূৰ্য্য বহ্ি শশারুনয়ন নমাে নমাে নীলগ্ৰীৱ ; দোষ ক্ষমা কৰি নিয়া মােক তাৰি নমাে নমো শিৱ শিৱ। - বিশ্বেশ্বৰ স্তোত্র। তােমাৰ মহিমা কৗৰ্তন কৰিলে আনন্দে জগত ভৰে ; ভয়ত ৰাক্ষস পলায় লৱৰি সিদ্ধে নমস্কাৰ কৰে। পৰা সদসৎ অনন্ত অমৰ তুমিয়ে দেৱৰাে দেৱ ; শ্রেষ্ঠ ব্রহ্মা হন্তে সুজিছাও তুমি কিয় নকৰিব সেৱ। সত্য শুদ্ধ তুমি নিত্য-নিৰঞ্জন বিশ্বৰ আদি নিধান ; জ্ঞাতা জ্ঞেয় তুমি অনন্ত স্বৰূপ সর্বত্রে বিৰাজমান। বিষ্ণু-অগ্নি-বায়ু শশাঙ্ক-বৰুণ ব্ৰহ্মাও তুমিয়ে যমে; নমস্কাৰ কৰে। সহস্রেক বাৰ আৰু বাৰ নমো নমাে । আৰু পৃষ্ঠভাগে চাৰি পাশে নমস্কাৰ ; বীৰ্য্যত অনন্ত অনন্ত বিক্রম ব্যাপি আছা চৰাচৰ । সম্মুখ হইয়া স্তুতি-মালা। সখা কৃষ্ণ আৰু যাদবাে বুলিছো সাদৰি মাতিছো কত ; নাজানি তােমাৰ মহিমা অপাৰ অপৰাধ শত শত ; উঠোতে বহেঁতে খাওঁতে শােওঁতে কৰিছে যতেক মান ; সি সবাকো প্রভু ক্ষমা কৰা তুমি জানিয়া মই অজ্ঞান। পিত পূজ্য তুমি গুৰু গৰিয়ান অচৰৰ চৰ লোকৰ ; অসীম প্রভাব তােমাৰ সমান নেদেখেছোঁ মই আন। হেন জানি দেৱ স্বৰূপ দেখােৱা প্রসন্ন হুয়ােক স্বামী দণ্ডবৎ হুয়া তােমাৰ চৰণে কাকূতি কৰিছো আমি। পুত্র-পৰাধ পিতাই যিদৰে নিজগুণে ক্ষমা কৰে ; প্রিয় জনে সদা দোষতে যিদৰে নেৰে ; যিদৰে পত্নীৰৰ স্বামী প্রীতিভাৱে সহে অপৰাধ শত। ; সুহৃদ মিত্রক
স্তুতি-মাল।
৩৭
তুমিও সিদৰে
মষিও দেৱ
মােৰ অপৰাধ যত।
বিশ্বৰূপ বন্দন।
তবু দেহে দেখে প্রভু
বিশ্বৰ স্বৰূপ
আছে ব্রহ্মা তােমাৰ নাভিত ;
দিব্য ঋষী যত মান সর্প আদি জীৱ
তােমাতেই দেখে প্রকাশিত।
বিশ্বেশ্বৰ বিশ্বৰূপ
অনন্ত অপাৰ
আদি অন্ত মধ্য তাৰ নাই ;
নেত্র-মুখ-উদৰৰ
সীমা সংখ্যা হীন
তােমাতেই দেখে সর্ব ঠাই।
গদাচক্র হাতে ধৰা
কিৰীটি শীৰত
দীপ্তি কৰি আছে চাৰি পাশ ;
তেজে অগ্নি সূৰ্য্য প্রায় চোৱা অসম্ভৱ
এইমতে তােমাৰ প্রকাশ।
অক্ষৰ পৰম ব্রহ্ম
বিশ্বৰ আশ্রয়
মুমুক্ষুৱে পায় দশন;
অব্যয় পুৰুষ তুমি
ধৰ্মৰ ৰক্ষক
তুমি দেৱ নিত্য সনাতন।
আদি অন্ত মধ্য হীন সর্বশক্তিময়
দুই চক্ষু সূৰ্য্য শশধৰ ;
স্তুতি-মালা। জ্বলন্ত অগনি আছে তােমাৰ মুখত তেজে তপ্ত বিশ্ব চৰাচৰ । স্বর্গ আদি তিনিলােক আৰু দশােদিশ ব্যাপি আছ তুমি জগপতি ; তোমাৰ অতুল্য ৰূপ দেখি যত প্রাণী ভয়তেই কপে সৱে অতি। বসু আদি দেৱগণে মাগিছে শৰণ- কৃতাঞ্জলি হুয়া কতাে ৰয় ; সিদ্ধগণে শুদ্ধমনে স্তুতি বাদ কৰে মহষী সকলে স্বস্তি কয়। ৰুদ্ৰাদিত্য বসুগণ সাধ্য আদি যত বিশ্বদেৱ অশ্বিনীকুমাৰ ; মৰুদগণ পিতৃ সৱো যক্ষ সিদ্ধ বিস্ময়ে বিভােৰ । স্বর্গস্পর্শী দীপ্তিম অনেক বৰণ ব্যক্ত মুখ বিশাল নয়ন ; ভয়ে লাগে অন্তৰাত্মা ব্যথিতও হয় দেখি মােৰ ধৈৰ্যশূন্য মন। ভীষণ দশন-মুখ কালাগ্নি সমান দেখি প্রভু হয় বুদ্ধি নাশ; নাপাওঁ মনত শান্তি হে দেৱ ঈশ্বৰ হােৱা তুষ্ট জগতনিবাশ। গন্ধর্ব অসুৰ
স্তুতি-মালা।
ধৃতৰাষ্ট্ৰপুত্র মানে
ভীষ্ম দ্রোণ-সূত
অলেখ যােদ্ধাৰ নাই শেষ ;
কৰাল-দশনযুক্ত
তােমাৰ মুখত
পৰি চূর্ণ হইছে অশেষ।
সকলল নদীৰ বেগ
যেন মতে গই
সমুদ্রত হইছে নিঃশেষ ;
জ্বলন্ত তােমাৰ মুখে
বীগণ যত
সেহিদৰে কৰিছে প্রবেশ।
জ্বলন্ত অগ্নিত যেনে
অতি বেগ ধৰি
পতঙ্গ নাশৰ হেতু আসে ;
সেহিমতে বীগণে
বিনাশৰ লাগি
প্রবেশ কৰিছে ভযু মুখে ।
জ্বলন্ত অনেক মুখে
বহুমন লােক
ভক্ষণ কৰিছা বাৰে বাৰ ;
ভােমাৰ তেজতে বিষ্ণু
সহস্র জগৎ
উত্তাপিত হইছে অপাৰ।
কোৱা প্ৰভু তুমি কোন উগ্ৰ ৰূপ ধৰি
এনে কাৰ্য কিসৰ কাৰণ ;
জানিবক ইচ্ছা কৰে।
তানাদি পুৰুষ
নিজৰূপে দিয়া দশন।
গােপাল স্তোত্র। ভক্ত কল্পতৰু জগতৰ গুৰু নমাে নমাে নাৰায়ণ ; কৰা অনুগ্রহ মায়াৰ নিগ্রহ পশিলে। মই শৰণ। দুষ্ট ৰিচয় দেহ কৰে ক্ষয় ৰোগে শোকে পােৰে মন ; পাপবিমােচন জানি নাৰায়ণ তােমাতে লৈলো শৰণ। বিজুলীৰ দৰে চক্ম কৰে অথিৰ ৰূপ যৌবন ; মায়া অন্ত কৰি মায়াৰ কৰা নির্জন। বেদকৰ্ম্মহীন কুকতে লীন সদায় পাপত মন ; হে যদুপতি মই মূঢ়মতি চৰণে লৈলোঁ শৰণ। নেদেখো শােভন নকৰে কীৰ্ত্তন নিৰানন্দ সদা মন : নন্দৰ নন্দন শ্রীমধুসূদন মাগিছে হেৰা শৰণ। মুকুন্দ মুৰি .
স্তুতি-মালা।
৪১
সত্ব আত্ম বুদ্ধি নাই চিত্ত শুদ্ধি
ৰজস্তমতেসে মাত্র মতি ;
সজ জ্ঞান দিয়া
প্রভু তাৰি নিয়া
তুমিয়েসে মােৰ গতি।
নাৰায়ণ স্তোত্র।
কৰ্ম্ম ভক্তি জ্ঞান ই-তিনি সাধন
মােক্ষৰো মুখ্য কাৰণ ;
বিষয়ক পাই
তাত মতি নাই
ৰক্ষা কৰা নাৰায়ণ।
পাপ’ নিবৃত্তি ধৰ্ম্মত প্রবৃত্তি
তােমাৰ চৰণে মন ;
নাই একো মোেৰ অনাচাৰি ঘােৰ
ৰক্ষা কৰা নাৰায়ণ।
দেহ পৰি যায়
মৃত্যু আহি পায়
তথাপি বিষয়ী মন ;
দেখিও নেদেখো মিছাকে উপাশে।
ৰক্ষা কৰা নাৰায়ণ।
সদা বহিদৃষ্টি দেখে।
স্থূল
সৃষ্টি
অন্তদৃষ্টিশূন্য মন ;
তুমি সে উপায় আৰু গতি নাই
ৰক্ষা কৰা নাৰায়ণ।
৪
স্তুতি-মালা।
গৃহ পৰিজন
পত্নী পুত্র ধন
থাকিও চঞ্চল মন ;
দিয়া পদছায়।
দূৰ কৰা মায়া
ৰক্ষা কৰা নাৰায়ণ।
স্বদেশ স্বজন
প্ৰাণৰ সমান
তাতো মই ভক্তিহীন ;
অগতিৰ গতি সাধা মােৰ গতি
ৰক্ষা কৰা নাৰায়ণ।
মুক্তিৰ উপায় আৰু মােৰ নাই
নিশ্চয় জানিলে স্বামী
মুক্তি পৰিহৰি ভক্তি আশা কৰি
শৰণ পশিলে। আমি ।
দিয়া ভক্তি দান নামাগােহে আন
তুমি ভকতৰ প্রাণ ;
তােমাৰ চৰণে
শৰণ পশিলে।
ৰক্ষা কৰা নাৰায়ণ।
*
কৃষ্ণ স্তোত্র।
পদ্ম সম নেত্র যাৰ প্রণমােহে বাৰ বাৰ
নমাে দেৱ দৈবকী-নন্দন
;
যশােদা হৃদয়ানন্দ
তযু পদ অৰবিন্দ
লক্ষ বাৰ কৰোঁহে বন্দন।
স্তুতি-মালা।
বৃষ্ণিবংশে জন্ম ধৰি যদুবংশ ধ্বংস কৰি
পৃথীভাৰ কৰিলা হৰণ ;
নানারূপে অৱতৰি দুষ্টক সংহাৰ কৰি
ধৰ্ম্ম সদা কৰিছা পালন।
ধন জন পুত্র জায়া সকলো তােমাৰ মায়া
মায়ামােহে পৰি যায় প্রাণ ;
মায়ানমােহ নাশ কৰি চৰণে চপাই ধৰি
কৰা হৰি মােক পৰিত্ৰাণ।
সম্পদত মজি হয় সজ জ্ঞান লােপ পায়
বিপদে আকুল কৰে প্রাণ ;
সুখ হলে শান্তি নাই আশা ক্রমে বাঢ়ি যায়
সত্য কিবা নাপাওঁ সন্ধান।
তােমাৰ মােহিনী মায়া জগৎ তাৰেই ছায়া
ইটো প্রভু দুৰাৰােগ্য ব্যাধি
মৃত্যুজন্মভােগ যতমানে ভবৰােগ
তুমি তাৰ কেৱল ঔষধি।
সহস্র সহস্র অতি
অপৰাধ দিনেৰাতি
জানি কৰে। মই মুঢ় জন ;
তুমি প্রভু কৃপাসিন্ধু অনাথ-জনৰ বন্ধু
ৰক্ষা কৰা শ্ৰীমধুসূদন।
নবগ্রহ স্তোত্র।
জবাপুষ্প সম যাৰ
লােহিত বৰণ
মহাতেজে নাশ। অন্ধকাৰ ;
কশ্যপৰ পুত্ৰ সূৰ্য্য
পাপ বিনাশন
তুৱা পাৱে কৰোঁ নমস্কাৰ।
দিব্য শঙ্খ সম বর্ণ
তুষাৰ ধবল
ক্ষীবােদসাগৰে জন্ম যাৰ ;
শম্ভু শীত শােভা
তুমি শশধৰ
তুৱা পাৱে কৰোঁ নমস্কাৰ।
পৃথিবীৰ গৰ্ভজাত
বিদ্যুৎ সমান
প্রভাশালী শক্তি অস্ত্রধৰ ;
লোহিত বৰণ দেৱ
মঙ্গল কুমাৰ
যু পদে কৰে। নমস্কাৰ।
প্রিয় কলিৰ দৰে
শ্যামল বৰণ
তুমি সর্ব গুণৰ আধাৰ ;
সুৰূপ শােভন বুধ
শান্ত মনােহব
তযু পদে কৰোঁ। নমস্কাৰ।
ঋষী আৰু দেৱতাৰ
তুমিয়েই গুৰু
স্বর্ণবর্ণ তােমাৰ শৰীৰ;
ত্রিলােকৰ শ্ৰেষ্ঠ তুমি দেৱ বৃহস্পতি
তুৱা পাৱে কৰোঁ নমস্কাৰ ।
স্তুতি-মালা। ৪৫ হিমকুমৃণালৰ দৰে যাৰ আভা নমাে দেৱ ভূগুৰ কুমাৰ ; দৈত্যৰ প্ৰমগুৰু শাস্ত্রবিশাৰদ শুক্রপদে কৰোঁ নমস্কাৰ। সুনীল অঞ্জন সম তােমাৰ বৰণ বিসূত অগ্রজ যমৰ ; ছয়াৰ গৰ্ভত শনি জনম তােমাৰ তুৱা পাৱে কৰোঁ নমস্কাৰ। অৰ্ধকায় মহাঘােৰ সিংহিকানন্দন অতি উগ্ৰ প্ৰতাপ তােমাৰ ; চন্দ্রসূর্য গ্রাস কৰা তুমিয়েই ৰাহু তযু পদে কৰোঁ নমস্কাৰ। ধোৱাৰ বৰণ তুমি ৰুদ্রঅংশে জাত বিমর্দক তাৰকা গ্ৰহৰ ; ৰুদ্ৰৰ প্ৰভাৱ দেখে হে কেতু তােমাৰ তুৱা পাৱে কৰে। নমস্কাৰ। নবগ্রহ স্তোত্র পাঠ কৰে যি জনে ভক্তিভাৱে থিৰ কৰি মন ; অশান্তি যতেক তাৰ দূৰ হই যায় না সত্য ব্যাসৰ বচন।
কটাক্ষে ভুবন মুৰলীধৰ স্তোত্র । কৃষ্ণ কৃপাসিন্ধু অনাথৰ বন্ধু নয়নৰ অভিৰাম ; মই পাপী অতি অগতিৰ গতি কিমতে চৰণ পাম। স্কন্ধে পৰি শােভে কুঞ্চিত অলক মুখত ইষৎ হাহি; কৰি বিমােহন সঘনে বজোৱা বাঁহি । কপালত শোভে কস্তুৰ তিলক কৌস্তুভ বক্ষত জ্বলে ; নাশিকাৰ আগে গজমুক্তা দোলে বেনু ধৰা কতলে। সর্ব অঙ্গে শীত সুগন্ধি চন্দন গলত মুকুতা-পান্তি ; চৌপাশে গােপিনী মাজত গোপাল নবজলধকাপ্তি। অতি সুললিত বিশ্ববিমােহন তােমাৰ বংশীৰ ধ্বনি তরু লতা আদি পশু পক্ষী নৰে শুনিছে তবধ মানি। ;
স্তুতি-মালা।
৪৭
কঠিন পাশন
;
সুৰতে উথলে
পৰ্বতৰ হিয়া
গলি নিঝৰণি হয়
সমুদ্রৰৰ হিয়া
ঘুৰি শুনে গ্রহ চয়।
গােকুল আকুল
শুনি বংশীধ্বনি
গোপীৰ আকুল প্রাণ ;
দেৱ যক্ষ বৃক্ষ
গন্ধর্ব কিন্নৰ
শুনি কৰে স্তুতিগান।
মুক্তিবিধায়িনী
বিশ্ববিজয়িনী
অনন্ত প্ৰেমৰখনি ;
বেদ মন্ত্র আদি
গায়ত্রী ওঙ্কাৰ
তােমাৰে বংশীৰ ধ্বনি।
তুমি দেৱ দেৱ
জগতৰ সেৱ
তুমি অনাথৰ নাথ ;
পতিত পাবন
মই অভাজন
চৰণে দোৱাও নাথ।
মহালক্ষী স্তোত্র।
ক্ষমাশীল পৰাৎপৰা দেবী ভগৱতী,
শুদ্ধসত্বস্বরূপিনী অগতিৰ গতি।
ক্রোধ আদি দোষ-শূন্য। বিশ্বৰ ঈশ্বৰী,
দেৱনৰে স্তুতি কৰে চৰণত পৰি।
সতীৰ উপমা তুমি সৌন্দৰ্য্য নাৰীৰ,
তুমি বিনে জগতত নাই চিন শ্ৰীৰ ।
সম্পদ বিভূতি তুমি ৰাসৰ ঈশ্বৰী,
মর্ত্যত প্ৰকাশ কৰা নাৰীৰূপ ধৰি।
পার্বতী পৰুতকন্যা কৈলাশৰ শীৰে,
লক্ষনীৰূপে প্রকাশিল ক্ষীদেসাগৰে।
বৈকুণ্ঠত মহালক্ষী প্রধান মহিষী,
তুমি দেবী স্বৰস্বতী জাহ্নবী তুলসী।
গােলােকত কৃষ্ণপ্ৰাণ ৰাধিকা সুন্দৰী,
বৃন্দাবনে গোপী মাজে তুমি ৰাসেশ্বৰী
ভাণ্ডিত কৃষ্ণুপ্রিয়া বুনত মালতী,
পদ্মবনে নাম ধৰা তুমি পদ্মাৱতী।
চন্দন কানন মাজে চন্দ্ৰাৱলী ৰূপ,
শত সূঙ্গে তুমি দেবী সুন্দৰীস্বরূপ।
কুন্দদন্তী কুঁন্দবনে সুশীল নামত,
কেতকী বনৰ মাজে কৰিছা বেকত।
স্তুতিমালা।
৪৯
কমলা কমলালয়া কৃষ্ণসােহাগিনী,
শােভনা ৰমল ৰমা বিশ্ববিমােহিনী।
চঞ্চলা অচলা ভক্তি দিয়া মােক দান,
মায়া মােহে মুহি আছে কৰা পৰিত্ৰাণ।
ভক্তযােগী স্তোত্র ।
দ্বেষহীন সর্বভূতে পম দয়ালু
দুখীয়াৰ পৰম বান্ধৱ ;
মই মােৰ ভাৱ নাই নাই অহংকাৰ
সুখে দুখে সমান স্বভাৱ।
ক্ষমাশীল সদানন্দ সমাহিত চিত্ত
স্থিৰ বুদ্ধি সদায় সংযত ;
ঈশ্বৰতে সততেই অর্পিয়াছে মন
তেৱে জানা পৰম ভকত।
যাৰপৰা ভয় নাই নাই যাৰ ভয়
প্রীতিপূর্ণ নিৰুদ্বেগ মন
হর্ষবিষাদত নাই মনৰ বিকাৰ
তেৱে জানা ভকত প্রধান।
একনিষ্ঠে কৰ্ম্ম কৰে ফলা-শক্তি নাই
অনলস চিৰ উদাসীন ;
তভাগত আশক্তি নাই নিৰােগ শৰীৰ
তেৱে জানা ভকত প্রবীণ।
;
৪
স্তুতিমালা।
••
প্রিয়ত আবেগ নাই অপ্রিয় সমান
শােকদুখত শূন্য যাৰ মন ;
শুভাশুভ পৰিত্যাগি সদা ভক্তিমান
নাই ভক্ত তাহান সমান।
শত্রু মিত্র সম জ্ঞান নাই ভিন ভাৱ
শীত উষ্ণ মান অপমান
সকলো সমান যাৰ নাই সুখ দুখ
তেৱে ভক্ত কৃষ্ণৰ বচন।
নিন্দা স্তুতি দুয়াে এক সংযত বচন
অলপতে তুষ্ট হয় মন ;
নির্দিষ্ট আবাস নাই তেৱেই নিশ্চয়
কৃষ্ণপ্রিয় ভকত সুজন।
অমৃত সমান এই গীতাৰ বচন
শ্রদ্ধা কৰি যি কৰে পালন ;
পৰম ভকত তেওঁ ঈশ্বৰ সমান
সেৱা কৰে। তাহান চৰণ।
৫
গঙ্গা স্তুতি।
দেবী সুৰেশ্বৰী ভগৱতী গঙ্গে,
পাপবিনাশিনী তৰল তৰঙ্গে।
স্তুতিমালা।
শঙ্কৰ মস্তকবাসিনী বিমলে,
সেৱকে বন্দিছে তযু পদকমলে।
মাতৃ ভাগিৰথী তব যত মহিমা,
নিগমে বর্ণিছে জননী অসীমা।
উদ্ভুত কৃষ্ণৰ পদনখ হন্তে,
লভে। যেন গঙ্গা জীৱনঅন্তে।
নিশ্চয় নিষ্কৃতি কৰে যদি স্নান,
দুর্গতি দূৰ হয় কৰি জল পান।
পতিত-উদ্ধাৰিণী জাহবী গঙ্গে,
খণ্ডিত গিৰিবৰ শােভিত ভঙ্গে।
ভীষ্মজননী মুনিবকন্যা,
পাকনাশিনী ত্রিভুবনে ধন্যা।
কামজ ক্রোধজ কুমতি কলাপ,
হৰ হৰা গঙ্গা যত মােৰ পাপ।
জন্ম-নিবাৰিণী জানুবী-জননী,
মােক্ষপ্রদায়িনী কল্মশনাশিনী।
ভে ভুবনেশ্বৰী জহুৰ কন্যা,
উৰ্ম্মিবিলাশিনী ৰূপে গুনে ধন্যা।
মুক্তিবিধায়িনী কৰা মােক ৰক্ষা,
কাতৰে মাগিছো তযু কৃপা ভিক্ষা ।
কামাখ্যা স্তুতি।
আগেয়ে জনম ধৰি তােমাৰ চৰণ
নুপূজিলে। ভক্তি সহকাৰ ;
সেহিসে কাৰণে আই জঠৰত পৰি
ভুঞ্জি আছে৷ অশেষ নিকাৰ।
ইজনম লাভ কৰি তথাপিত্ত মই
পূজা নাই তােমাৰ চৰণ ;
কামাখ্যা বৰদা দেৰি ক্ষম অপৰাধ
তােমাতেই পশিলে। শৰণ।
শিশুকালে অল্পমতি ৰঙতেই যায়
ভাল বেয়া নাই সজ জ্ঞান ;
কামাখ্যা বদা দেবি ক্ষমা অপৰাধ
তােমাতেই পশিলে। শৰণ।
যৌবন যেতিয়া পালে প্রবল ইন্দ্রিয়
কাল সপে কৰিলে দংশন ;
হিতাহিত জ্ঞান নাই উদ্ধত স্বভাৱ
দিনেৰাতি পাপতেই মন।
তুমি বিনে কোনাে নাই উদ্ধাৰ কৰোঁতা
গতি মােৰ তােমাৰ চৰণ ;
কামাখ্যা বদা দেবি ক্ষমা অপৰাধ
তােমাতেই পশিলে। শৰণ।
স্তুতি-মালা।
শােভন যৌবন কাল দেখোতেই যায়
বিষয়ৰ বিষ লাগে গাত ;
পৰিবাৰপােষণৰ উপায় নেদেখি
অন্যায় আচৰে। অসংখ্যাত।
মায়াময়ী কামৰূপ মায়াৰ কাৰণ
কৰা ছেদ মায়াৰ বন্ধন ;
কামাখ্যা বৰদা দেবি ক্ষমা অপাধ,
তােমাতেই পশিলে। শৰণ।
বার্ধক্যত বুদ্ধিনাশ অবস শৰীৰ
যতমানে ৰােগৰ বিকাৰ ;
কর্মহীন অসহায় চিন্তা দিনেৰাতি
পুত্রে মিত্রে কৰে অবিচাৰ।
তথাপিও বিষয়ৰ বিষকেহে খাওঁ
কিনাে ঘােৰ অবিবেকী মন ;
কামাখ্যা বদা দেবি ক্ষমি অপৰাধ
মায়া হন্তে কৰা পৰিত্ৰাণ।
দান ধ্যান সজ কাম একো কৰা নাই
নাই ভক্তি ভজন পূজন;
মিছাতেই দিন যায় কুকৰ্ম্মত মজি
গতি মােৰ তােমাৰ চৰণ।
কামাখ্যা বদা দেবি ক্ষমা অপৰাধ
তােমাতেই পশিলে। শৰণ।
৫৪
স্তুতি-মালা।
হৰি হৰ ব্ৰহ্মা আদি দেৱতা অশেষ,
তােমাৰ চৰণ সেৱা কৰে ;
জগতৰ ৰক্ষা হেতু কলবদনী
সদাশিৱে হৃদয়ত ধৰে।
বহুরূপা দেবি তুমি ভুবনঈশ্বৰী
মই পাপী অতি অভাজন ;
কামাখ্যা বৰদা দেবি ক্ষমা অপৰাধ
তবু পাৱে পশিলে। শৰণ।
জ্ঞানযােগী স্তোত্র।
ঈশ্বৰবিশ্বাসী আত্মশ্লাঘা নাই
দম্ভশূন্য যাৰ মন ;
আচলতে জ্ঞানী তেওঁকেই জানি
পশিলে। মই শৰণ।
গুৰুসেৱা কৰে সৰল প্রকৃতি
হিংসাশূন্য যাৰ মন ;
আচলতে জ্ঞানী তেওঁকেই জানি
পশিলে। মই শৰণ।
অতি স্থিৰ বুদ্ধি ইন্দ্রিয়সংযমী
পৰম পবিত্র মন ;
স্তুতি-মালা।
আচলতে জ্ঞানী তেওঁকেই জানি
পশিলোঁ। মই শৰণ।
জন্ম মৃত্যু জৰা দুঃখৰ কাৰণ
একোৱে নিপীড়ে মন ;
আচলতে জ্ঞানী তেওঁকেই জানি
পশিলোঁ মই শৰণ।
পুত্রদাৰামুখে উদাসীন অতি
অনশক্ত যাৰ মন ;
আচলতে জ্ঞানী তেওঁকেই জানি
পশিলে। মই শৰণ।
মায়াময় ইতাে অনিত্য সংসাৰ
লভি এই তত্ত্বজ্ঞান ;
নির্জনত থাকি অচলা ভক্তিৰে
ঈশ্বৰক কৰে ধ্যান।
জ্ঞানযােগ দিয়া জ্ঞানৰ পােহৰ
অজ্ঞানআঁধাৰ নাশা ;
দিয়া তত্ত্বজ্ঞান কৰা পৰিত্ৰাণ
তােমাৰ চৰণে ৰাখা।
কর্মযোগী স্তোত্র।
ধৰ্ম্ম জ্ঞান কৰি কৰ্ম্ম কৰে সদা
ফলত আশক্তিহীন ;
বিষয়ত থাকি বিষয়বিৰাগী
কৰ্মযােগী সেহি জন।
কৰ্ম্মক নকৰি জ্ঞান লাভ কৰা
জানিবা অতি কঠিন ;
সন্ন্যাসী মাত্রেই সিদ্ধিক নাপায়
কৰ্ম্মেসে ধৰ্ম্মৰ চিন।
জনকাদি কৰি ৰাজ ধৗ সকলে
কৰ্ম্ম কৰি সিদ্ধি পাই ;
লােককো ধৰ্ম্মত ৰাখিবৰ হেতু
কৰ্ম্ম বিনে গতি নাই।
জ্ঞানী বা অজ্ঞানী পশুপক্ষী নৰ
কৰ্ম্মশূন্য জীৱ নাই ;
কৰ্ম্মত প্রবৃত্তি প্ৰকৃতিৰ গুণ
মােক্ষৰৰ কৰ্ম্ম উপায়।
কৰ্ম্ম ত্যাগ কৰি সন্ন্যাসীৰ বেশ
মনত ভােগৰ আশ;
সিততা মতিছন্ন কপট আচাৰি
নাচাপা তাহাৰ পাশ।
স্তুতি-মালা।
৫৭
বেদকৰ্ম্ম বিনে কৰ্ম্মৰ বন্ধন
নােৱাৰা এৰাইবে জানি;
আন কৰ্ম্ম এৰি বেদকৰ্ম্ম কৰা
গীতাৰ বচন মানি।
কৰ্ম্ম আৰু ত্যাগ দুই পন্থ মাত্র
মােক্ষৰে দুয়াে সাধন ;
তথাপিও জানা কৰ্ম্ম শ্রেষ্ঠতৰ
গীতাৰ সাৰ বচন।
হিংসাশূন্য মন ফলাকাঙক্ষা নাই
সন্ন্যাসৰ সেয়ে চিন;
সংসাৰত থাকি পৰম আনন্দ
বিষয়-বন্ধনহীন।
পুত্রদাৰ আদি আশে যত কৰ্ম্ম
কাম্য কৰ্ম্ম বুলি জানি ;
কাম্যকৰ্ম্মন্যাস আচল সন্ন্যাস
ফলত্যাগ শ্রেষ্ঠ মানি
অন্তৰ আত্মত ঈশ্বৰক চিন্তি
বাহিৰত কৰ্ম্ম কৰে
সেয়ে জ্ঞানবান পুৰুষ প্রধান
কর্মযােগী নাম ধৰে।
কৰ্ম্মযােগী প্রভু নমস্কাৰ কৰে।
হৌক মােৰ কৰ্ম্মজ্ঞান ;
;
স্তুতিমালা।
তােমাৰ চৰণে ভক্তি যেন থাকে
নৱৰূপী নাৰায়ণ।
কাকূতি।
নমাে নমাে ভগৱন্ত দীনৰ শৰণ
নমাে দেৱ জগত ঈশ্বৰ ;
নমস্তে কৰুণাসিন্ধু মােৰ উপায়
নমে দেৱ পলক বিশ্বৰ।
পিতা দুঃখপৰিত্ৰাতা অনাথবান্ধৱ
গতিমুক্তিসম্পদৰ হেতু ;
অপাৰ সংসাৰ দেখো নাই পাৰাপাৰ
তুমিয়েসে উদ্ধাৰৰ সেতু।
পাপগ্রহে পৰিপূৰ্ণ দুস্তৰ সাগৰ
তযু কৃপানাও মাত্র সাৰ ;
কেনিও নেদেখো পাৰ মােহে কি আছে
কৃপা কৰি কৰা প্ৰভু পাৰ।
সদায় আকুল প্রাণ মৃত্যুৰ ভয়ত
দিয়া প্রভু কৃপামৃত দান।
পাপ তাপ দূৰ কৰি দেৱ ভগৱন্ত
কৰা প্ৰভু মােক পৰিত্ৰাণ।
অভাজনৰ স্তুতি।
তোমাৰ মহিমা অশেষ অপাৰ
নজানিয়া তাৰ অন্ত ;
স্তুতি কৰিবাৰ যদি যােগ্য নােহেঁ।
এই সাৰ ভগৱন্ত।
ব্রহ্মা আদি দেৱে নপাৱন্ত কেৱে
তােমাৰ মহিমাপাৰ ;
তেৱে জানাে মই সদাৰো নাই
স্তুতি-কৰ অধিকাৰ।
নিজ বুদ্ধি মতে স্তুতি কৰে সবে
হেন জানি দয়া কৰা ;
বুদ্ধি অনুসৰি ময়াে স্তুতি কৰে।
চৰণে চপাই ধৰা।
বাক্যৰৰ অতীত মনৰৰ অতীত
বেদেও বিচাৰি চাই ;
অব্যক্ত ঈশ্বৰ ব্যক্ত নানারূপে
অতি সাৱধানে কয়।
সুৰাৰনৰে বুদ্ধি অনুসাৰে
পূজে নানা ৰূপ কৰি ;
ভক্তৰ কাৰণে তুমি ভগৱন্ত
আছ নানা ৰূপ ধৰি।
স্তুতি-মালা।
অমৃত সমান অমিয় বচন
তােমাৰে কৃপাৰ দান ;
ব্ৰহ্মাৰ স্তুতিয়ে তেৱে কিনােমতে
মুহিব তােমাৰ মন।
পবিত্র কৰিম দেহ বাক্য মন
তােমাৰ গুণকে গাই ;
গুণগান বিনে মই পতিতৰ
আন গতি একো নাই।
সত্ত্ব ৰজ তম গুণৰ বিকাৰ
ব্রহ্মা বিষ্ণু শিৱ ৰূপ ;
অব্যক্ত ভাৱত নিগুণ সততে
নিৰাকাৰ নাই ৰূপ।
ভূমি আদি কৰি পঞ্চ মহাভূত
মন বুদ্ধি অহঙ্কাৰ ;
ৰূপ ৰস আদি তন্মাত্র সকল
প্রকৃতি সৃষ্টিৰ পাৰ।
কৰ্ম্মজ্ঞান ভাগে দশ ইন্দ্রিয়
চৌবিশ তত্ত্বৰ সাৰ
সুখু দুখ আদি ক্ষেত্রজ সকল
ইন্দ্রিয়-বৃত্তি বিকাৰ।
ইসব জটিল মহা মহা তত্ত্ব
বুজিবে নপাৰি আমি ;
;
স্তুতি-মালা।
তােমাৰ চৰণে শৰণ পশিলে।
উদ্ধাৰ কাৰহা স্বামী।
জগতৰ শ্ৰষ্টা আছে কিনাে মতে
ক’ত বা তেওঁৰ স্থান ;
কিবা অভিপ্রায়ে জগত সৃজিলে
তর্ক কৰে বহুমান
;
ঋষিয়ে ঋষিয়ে বাদ প্রতিবাদ
শাস্ত্ৰৰাে নাহিকে অন্ত ;
বিশ্বাস বিনে কত নপাওঁ
জানি নমাে ভগৱন্ত।
অনুমাত্র জীৱ সৃষ্টি কৰিবাৰ
অক্ষম যি নৰ হয় ;
বিশ্বজগতৰ সৃষ্টিকর্তা নাই
কি যুক্তিবলত কয়?
বেদশাস্ত্র বহু ঋষিমত নানা
নপাওঁ তাহাৰ অন্ত;
মই অল্পমতি তুমিয়েসে গতি
জানি আছে ভগৱন্ত ।
কতো জনে কয় জগত অক্ষয়
নিত্য বিশ্বচৰাচৰ ;
অনিত্য সংসাৰ কয় আৰু জনে
মায়াৰে মাথোঁ বিকাৰ ।
স্তুতি-মালা।
মই জ্ঞানহীন অতি মূঢ়মতি
তর্ক-যুক্তি পৰিহৰি ;
নিজ সাধ্য মতে তােমাৰ চৰণে
স্তুতি কৰোঁ পৰি পৰি
স্বৰস্বতী স্তুতি।
শুভ্র পদ্মআসনত শুক্ল বস্ত্র পিন্ধি
শুভ্র পুস্পে শােভা শুভঙ্কৰী ;
বৰবিধায়িনী শুভ্র কোমল কত
শুভ্র বীণা উঠিছে ঝঙ্কাৰি।
তােমাৰ কৃপাত জ্ঞান লভে মূখ নৰে
অবিদ্যাকে তুমি কৰা নাশ;
বেদ আদি যত শাস্ত্র তােমাৰ কৃপাত
তুমি কৰা সত্য প্রকাশ।
সুৰাসুৰ যক্ষ ৰক্ষ গন্ধর্ব কিন্নৰ
ঋষিমুনি বন্দিত চৰণ ;
দিব্যজ্ঞান কৰা দান জ্ঞানৰ ঈশ্বৰী
সেই পদে পশিলে। শৰণ।
সূর্য স্তোত্র।
আদি দেৱ দিবাকৰ কাশ্যপকুমাৰ
উগ্ৰ মূৰ্ত্তি শ্বেত পদ্মধৰ ;
শােভন সপ্তাশ্বৰথে অতি দীপ্তিমান
প্রণামমাহে প্রভু প্রভাকৰ।
লােহিত বৰণ দেৱ জ্যোতিৰ্ম্ময় ৰূপ
অন্ধকাৰ কৰা বিনাশন ;
মহাতেজে দীপ্তিমন্ত অনন্ত শকতি
জীৱশক্তি তোমাৰ কিৰণ।
বিবৰ্ত্তন বিবশ্বান মাৰ্ত্তণ্ড ভাস্কৰ
তুমি দেৱ তাপন তপন ;
গ্ৰহৰ ঈশ্বৰ তুমি ৰােগশােক হ
নমাে দেৱ সূৰ্য ভগবান।
পৰমাত্মা
স্তোত্র।
অন্তৱন্ত ইতাে দেহা পৰম নশ্বৰ
আজি আছে কালি পৰি যাই ;
আত্ম নিত্য অবিনাশ অজৰ অমৰ
পৰিচ্ছেদ একো তাৰ নাই।
পুৰণি বসন লােকে পৰিত্যাগ কৰি
পিন্ধে যেনে নতুন বসন;
৬৪
স্তুতি-মাল।
৬।
জীর্ণ দেহ পৰিহৰি আত্মায়াে সিদৰে
কৰে দেহা নতুন গ্রহণ।
নােপােৰে অগ্নিত আত্মা অস্ত্রে নকাট
বতাহতো শুকাই নাযায়
পানীত পৰিও আত্ম কদাপি নপচে
একোতেই বিকাৰ নহয়।
ইয়াক কাটিম মই ইয়াক মাৰিম
যি সকলে এইদৰে কয় ;
অবধ্য আত্মাৰ ৰূপ নাজানিয়ে কয়
আত্মা সদা অক্ষয় অব্যয়।
মন আদি ইন্দ্ৰিয়ৰ আত্মা অগােচৰ
কৰ্ম্মেন্দ্রিয়ে নাপায় বিচাৰি ;
সর্ব গত স্থিৰ নিত্য অব্যক্ত স্বৰূপ
দেহ। তাৰ নােহে অধিকাৰী।
জন্মিলে মৰণ হৰ মৰিলে জনম
অতি স্থিৰ প্ৰকৃতিৰ ৰীতি ;
পৰম ব্ৰহ্মত শেষে নিজক সমর্পি
তেৱে পায় আত্মায় নিষ্কৃতি।
স্থিৰ মনে ধ্যান কৰা আত্মাৰ স্বৰূপ
চিত্ত কৰি ব্ৰহ্মত স্থাপন,
তেৱে হব ব্ৰহ্ম প্রাপ্তি সেয়ে ব্রহ্মজ্ঞান
জানা ইতো
গীতাৰ বচন।
স্তুতি-মালা ।
নমাে নমগা পৰমাত্মা ব্ৰহ্মৰ স্বৰূপ
তুমি হন্তে ব্ৰহ্মদর্শন ;
জনমমৰণৰ দুঃখহৰণৰ হেতু
দিয়া প্রভু সমূল নির্বাণ।
ভক্ত-স্তুতি।
শুদ্ধচিত্ত ভয়হীন ইন্দ্রিয়সংযমী
জ্ঞানযােগে সদা নিষ্ঠাবান ;
নিষ্কাম ভাৱত কৰে বেদকৰ্ম্ম যত
সৰ্ব্বভূতে অতি দয়াবান।
সৰল কোমল মন শান্ত সত্যবাদী
ক্ষমাশীল পবিত্র অন্তৰ ;
লােভহিংসাশূন্য মন ধীৰ অচঞ্চল
পৰশ্ৰীত নহয় কাতৰ।
মই পূজ্য ভাব নাই দম্ভক্রোধহীন
বিষয়ত অনাসক্ত মন ;
ঈশ্বৰভকত জানি নমস্কাৰ কৰি
তযু পদে পশিলে। শৰণ।
স্তুতিমালা ।
;
গীতাসাৰ স্তুতি। (২)
ধৰ্ম্মত প্রবৃত্তি নাই অধৰ্ম্মত মন
অনাচাৰী পবিত্রতাহীন
সততে স্বার্থৰ চিন্তা বিষয়ী পৰম
কৰে সদা আত্ম পৰ ভিন।
শত-আশাপাশে বদ্ধ কামতভাগে ৰতি
বঞ্চনাতে ধন উপার্জন ;
মদগর্বে অন্ধপ্রায় ঘােৰ অত্যাচাৰী
নকাৰে পশুৰ সমান।
অনুৰৰ জন্ম পায় জনমে জনমে
দুৰ হয় ঈশ্বৰৰ হন্তে ;
মুক্তি তাৰ বহু দূৰ জানিবা নিশ্চয়
ঘােৰ শাস্তি জীৱনৰ অন্তে।
কাম ক্রোধ লোভ তিনি নৰকৰ পথ
জানি সত্য গীতাৰ বচন ;
নােৱাৰি এৰাইবে প্রভু পৰম ঈশ্বৰ
তােমাতেই পশিলে। শৰণ।
স্তুতি-মালা।
;
দুর্গানাম স্তুতি।
সতী সাধ্বী মহামায়া ভবানী ভবমােচনী ;
আৰ্য্যা দুর্গা জয়া আদ্য ত্রিনেত্রা শূলধাৰিণী ।
পিনাকধাৰিণী চিত্রা চণ্ডঘণ্টা মহাতপা।
মন বুদ্ধি অহঙ্কাৰা সৰ্ববিদ্যা মহাপা।
সৰ্বমন্ত্রময়ী দেবী অনন্ত ভৱভাবিনী ;
অপর্ণা অনেকবর্ণা পট্টাম্বৰ বিভূষিণী।
অনেক বিক্রমা দেবী মহিষাসুৰমর্দিনী ;
মধুকৈটভ হন্ত্রীও চণ্ডমুণ্ডবিনাশিনী।
সৰ্বানুৰ বিনাশা ও সর্বদানৱঘাতিনী ;
অনেকহন্তা বদা সশস্ত্ৰাস্ত্রধাৰিণী।
কিশােৰী যুবতী বৃদ্ধা সর্বশক্তিপ্রদায়িনী ;
বনদুর্গা মাতঙ্গিনী সবাহনবাহিনী।
দুর্গানাম লােৱা হব শত্ৰুৰ বিনাশ ;
দুর্গা দুর্গা বুলি কৰা পাতকৰ নাশ।
স্তুতিমালা ।
অক্ষৰ ব্ৰহ্মস্তোত্র।
চক্ষুদি ইন্দ্ৰিয়ৰ অগােচৰ তুমি
তুমি দেব নিগুণ অক্ষৰ ;
ধ্যানৰ অগম্য তুমি আকাৰবিহীন
পৰমাত্মা অব্যক্ত ঈশ্বৰ।
নির্লিপ্ত পৰমব্রহ্ম সত্য সনাতন
আদিদেৱ জগতকাৰণ ;
স্থূল হন্তে স্থূলতৰ অতি সূক্ষাৰূপী
স্কুল দৃষ্টি নাপায় দর্শন।
স-গুণ শৰীৰী তুমি গুণৰৰ আকৰ
প্ৰকৃতিত তােমাৰ বিকাশ ;
ইচ্ছাময় তুমি দেৱ সৰ্বৰূপ ধৰা
নানাৰূপে কৰিছা প্রকাশ।
যােগী ঋষি মুনীওে ধ্যানযােগ কৰি
পােৱা নাই মহিমাৰ অন্ত ;
তুমি দেৱ কৃপাময় ময় তযু দাস
জানি কৃপা কৰা ভগৱন্ত।
అని
স্তুতি-মালা।
জগদ্ধাত্রী স্তুতি।
আধাৰ অধেয় তুমি বিশ্বজগতৰ
ধৃতিৰূপ তুমি ধৰা ;
জগতধাৰিণী দেবী অচলাস্বৰূপা
জগতৰৰ ভাৰ হৰা।
সবাকাৰে দেবী তুমি শক্তিস্বরূপিণী
শক্তিৰূপ আছা ধৰি;
শাক্তাচাৰপ্রিয়া তুমি শাক্তৰ পূজিতা
সেৱা কৰে। তযু পাৱে পৰি।
ভকতৰ জয়দাত্রী আনন্দরূপিণী
দেবাসুৰ নৰপ্ৰপূজিতা ;
জয় জয় জগদ্ধাত্রী জগতব্যাপিনী
জয় জয় জগতৰ মাতা।
অনু পৰমানু তুমি স্থূলসূক্ষমৰূপা
প্রাণাপান তুমি পঞ্চবায়ু ;
কালাকাল সৰূপা বৰপ্ৰদায়িনী
জীৱ মাত্রে তুমি পৰমায়ু।
মহেশ্বৰী বৰাঙ্গনে আদ্যা মহামায়া
দয়াৰূপা দুঃখবিমােচনী ;
তােমাৰ চৰণে আই শৰণ পশিলে।
ৰক্ষা কৰা শক্তি সনাতনী।
স্তুতি-মালা।
গীতাসাৰ
স্তোত্র। (৩)
ফলত নকৰি আশ কৰ্তব্যক মানি
কৰ্ম্ম কৰে সেয়ে মহাজন;
আচল সন্ন্যাসীতেওঁ যােগীৰ প্রধান
জানা ইটো গীতাৰ বচন।
কৰ্ম্মক আশ্ৰয় কৰি যােগী যােগ কৰে
যােগসিদ্ধি কৰ্ম্মৰ কাৰণ
কৰ্ম্ম বিনে নিষ্কৰ্ম্মক যােগীও নাপায়
কৰ্ম্মযােগ মােক্ষৰ সাধন।
সংকল্প বিকল্প নাই বিকাৰৰহিত
কৰ্ম্ম কৰে সদায় নিষ্কাম ;
নিজ আত্যু সম জ্ঞান সকলাে জীৱক
সেহি যােগী চৰণে প্রণাম।
আহ্বায় আত্মাৰ মিত্ৰ পৰম বান্ধৱ
শত্রুভাৱ আত্মৰে বিকাৰ ;
আত্মমনবিৰােধত ঘােৰ যুদ্ধ হয়
আত্মজয় শক্ৰৰ সংহাৰ।
পবিত্র মানবী দেহ পুণ্যকৰ্ম্মভূমি,
কুরুক্ষেত্ৰ তীৰ্থৰ সমান ;
দশেন্দ্রিয় দশবৃত্তি কৌৰৱৰ প্রায়
অন্ধমন ধৃতৰাষ্ট্ৰ যেন।
স্তুতি-মালা।
৭১
প্রপঞ্চ পাণ্ডুৰ পুত্র পাণ্ডব সহিত
চলে ঘােৰ কুৰুক্ষেত্ৰৰণ;
ধৰ্ম্মৰ পক্ষত থাকে সাৰথি মাধৱ
সঞ্জয় মনৰ দিব্যজ্ঞান।
সুসংযত দেহমন অতি স্থিৰ চিত্ত
নির্বিকাৰ অচঞ্চল প্রাণ ;
পৰমাত্মা সমাহিত কৰি আমন
যােগ কৰে ব্ৰহ্ম-আৰাধন।
ময় দেৱ কৰ্ম্মশূন্য জ্ঞানভক্তিহীন
তুমি সে কেৱল মােৰ আশ;
কৃপাময় তুমি হৰি দোষ ক্ষমা কৰি
কৰা মােক চৰণৰ দাস।
;
গীতাসাৰ স্তোত্র। (৪)
পার্থিব যতেক মানে মনৰ বাসনা
একেবাৰে যি কৰে বিনাশ
আত্মাতে আত্মাৰ তুষ্টি নিৰ্বিকাৰ মন
মুক্তি মােক্ষ তাতে নাই আশ।
দুখত উদ্বেগ নাই সুখত বিৰাগ
ভয়ক্রোধশূন্য যাৰ মন ;
৭২
স্তুতিমালা।
শুভাশুভ লাভালাভ সমান যাহাৰ
স্থিতপ্রজ্ঞ পুৰুষ প্রধান।
ইন্দ্ৰিয়ৰ বস্তু হন্তে ইন্দ্রিয়সকল
আত্মাতেই কৰে সংৰক্ষণ ;
কাছয় যি দৰে দেখা শৰীৰৰ মাজে
কৰি ৰাখে অঙ্গ সঙ্কোচন।
ইন্দ্রিয়ক বঞ্চি ৰাখি বিষয়ত ভােগ
কৰে দেহা কঠিন শাসন ;
তাকে যােগ বুলি ভাবি কৰে অভিমান
মুক্তি নাই বিনে ব্ৰহ্মজ্ঞান।
ইন্দ্ৰিয়ৰ সঙ্গ এৰি ভক্তিৰ সহিত
ঈশ্বৰত অর্পি হিয়া মন ;
কৰ্ত্তব্যজ্ঞানত কৰা নিষ্কাম কৰ্ম্মক
সিদ্ধি হব পাবা ব্ৰহ্মজ্ঞান।
শুনিও ইসৰ তত্ত্ব গীতাৰ বচন
মােৰ দেখো পাপতেই মতি ;
কৃপ কৰি ৰক্ষা কৰা দেৱভগৱন্ত
তুমিয়েসে অগতিৰ গতি।
স্তুতি-মালা।
গীতাসাৰ স্তোত্র। (৫)
;
০
তুমি বিনে আৰু নাই জানিছো নিশ্চয়
তুমি আছা বিয়াপি জগত
জগতৰ বস্তু মানে তােমাতেই আছে
মণি-গথা সূত্ৰত যিমত।
জলৰ তুমিয়ে ৰস বেদৰ কাৰ
শশীসূৰ্য্য বিজুলীৰ প্ৰভ ;
আকাশৰ তুমি শব্দ অগনিৰ তেজ
দীপ্তিমস্ত উজ্জ্বল আভা।
তেজস্বীৰ বলবুদ্ধি বিদ্বানৰ বিদ্যা
তুমি দেৱ জীৱৰ জীৱন ;
অনাদি অনন্ত তুমি অক্ষয় অব্যয়
সৃষ্টি-স্থিতি প্রলয়-কাৰণ।
মৰণৰ-ভয়-নাশী মুক্তিৰ উপায়
এক মাত্র তােমাৰ ভজন ;
তােমাকেই জানি নৰে ব্ৰহ্মপদ পায়
তুমি ব্ৰহ্ম মােক্ষৰৰ কাৰণ।
ত্রিকালজ্ঞ তুমি দেৱ তুমি সৃষ্টি কৰা
ভবিষ্য অতীত বর্তমান ;
সকলােকে জানা তুমি জ্ঞানৰ অতীত
মায়াৰূপী জগতৰ প্রাণ।
৭৪
স্তুতি-মালা।
অধিভূত অধিদৈব অধিযজ্ঞচয়ে
কৰে যদি তােমাৰ ভজন ;
যােগভ্রষ্ট কদাপিও নহয় সিজন
ধ্রুব সত্য গীতাৰ বচন।
নাই শ্রদ্ধা ভক্তি জ্ঞান পাপতেই মতি
দানধ্যান নাই তাৰ লেশ ;
চৰণত পৰি কৰে। কাতৰে কাকূতি
ৰক্ষা কৰা মােক হৃষীকেশ।
দশাৱতাৰ
স্তোত্র।
দশৰূপী ভগবান কৰে। নমস্কাৰ,
প্ৰথমতে মৎস্যৰূপে বেদৰ উদ্ধাৰ।
পিঠিত ধৰিবে লাগি ধণীৰ ভাৰ,
দ্বিতীয়ত ধৰিয়াছ কচ্ছপ আকাৰ।
পুনপি বৰাহৰ ৰূপ ধৰি তুমি,
হেলায় দন্তৰ অগ্রে উদ্ধাৰিলা ভূমি।
নৰসিংহৰূপ ধৰি নখে বিদাৰিলা,
হিৰণ্যকশিপু প্রভু হেলায় নাশিলা।
বামনৰ ৰূপ ধৰি বুলিক ছলিলা,
অতিদান বেয়া তাৰ নিদর্শন দিলা।
স্তুতিমালা ।
৭৫
পৰামৰূপ ধৰি সংহৰি ভাৰ,
নিক্ষত্রিয় কৰি ভূমি তিনি সাত বাৰ।
ৰামচন্দ্ৰৰূপে দেৱ ধৰি অৱতাৰ,
অত্যাচাৰী ৰাৱণক কৰিলা সংহাৰ ।
বলৰাম ৰূপে তুমি ভক্তৰ সহায়,
হলধৰি নাশ কৰা দুষ্ট ৰিপুচয়।
বুদ্ধৰূপে কৰিয়াছা দয়াৰ প্ৰচাৰ,
স্লেচ্ছনিধনৰ হেতু কল্কি-অৱতাৰ।
ধৰ্ম্ম থাপনৰ হেতু আপােন মায়াত,
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।
তুমিয়েসে গতি মােৰ গতি নাই আন
দশৰূপী ভগবান কৰা পৰিত্ৰাণ।
গণেশ স্তোত্র।
সিন্দুৰৰ ধাৰে শােভিত সুন্দৰ
দুই গণ্ডস্থল যাৰ ;
বিঘ্নবিনাশন একদন্তধাৰী
কৰে। মই নমস্কাৰ।
ব্ৰহ্মাৰ বন্দিত শুভবদাত।
পার্বতীৰ প্রিয় পুত্র ;
স্তুতি-মালা।
তপ্তকাঞ্চৰ সদৃশ বৰণ
বিষধৰ যজ্ঞ সূত্র।
সর্বসিদ্ধিদাতা দেৱ গণপতি
লম্বােদৰ গজানন ;
বাঞ্চা কল্পতৰু জগতৰ গুৰু
সেবােহে তযু চৰণ।
ঈশস্তুতি।
তােমাৰ মহিমা পৰম ঈশ্বৰ
বিশ্বৰ পালক তুমি ;
অতি কারুণিক পৰম দয়ালু
ধৰ্ম্মবিচাৰৰ স্বামী।
তােমাকে প্রণামম কৃপা ভিক্ষা কৰে।
পােন বাটে নিয়া মােক ;
যি পােন বাটত চলিছে সদায়
অযু কৃপাপাত্র লােক।
কোপত পতিত যি পথত চলে
সি পথে নিনিবা মােক ;
নাইবা চলিছে যি পথত প্রভু
পথভ্রষ্ট যত লােক।
মুছলমানৰ আদি স্তুতি
আলহাম দুলিল্লাৰ ভানি।
স্তুতি-মালা।
৭৭
;
পৰমব্রহ্ম স্তোত্র।
মন বুদ্ধি অহঙ্কাৰ চিত্ত নােহা তুমি
নােহা তুমি কৰ্ম্মেন্দ্রিয়চয়
পঞ্চভূত নােহা তুমি চিদানন্দরূপ
পৰি কৰে। নমস্কাৰ মই।
প্ৰাণৰূপ পঞ্চবায়ু আৰু সপ্তধাতু
অন্নময় পঞ্চকোষ যত ;
সবাৰে অতীত তুমি চৈতন্যস্বৰূপ
নমস্কাৰ কৰে। লক্ষ শত।
গদ্বেষ ধৰ্ম্মাধৰ্ম্ম-কাম-মােক্ষহীন
বেদ যজ্ঞ তীর্থ আদি আৰ
ইসবব নােহাৱা তুমি জগভূপ
তােমাকেই কৰোঁ নমস্কাৰ।
পিতা মাতা গুরু শিষ্য ভেদাভেদ নাই
নির্বিকল্প নিত্য নিৰঞ্জন ;
নিৰাকাৰ সত্য শিৱ জ্যোতির্ময়ৰূপ
তােমাতেই পশিলে। শৰণ।
৭৮
স্তুতি-মালা।
শনি স্তুতি।
সুৰাসুৰ যক্ষ গন্ধর্ব কিন্নৰ
কিপূরুষ উৰগেন্দ্ৰ আৰু বিদ্যাধৰ।
বিষমত থাকা যদি তুমি শনিদেৱ
নিশ্চয় বিনাশ তাৰ জানি কৰে। সেৱ।
নৰেন্দ্ৰ মৃগেন্দ্র হস্তী পশু পক্ষী নৰ
কীট আদি ক্ষুদ্র জীৱ ভূচৰ খেচৰ।
বিষমত তৰাে যদি থাকা তুমি দেৱ
নিশ্চয় বিনাশ তাৰ জানি কৰােসেৱ।
দেশ দুর্গ সৈন্য আৰু সেনানী নিবাস
তােমাৰ কোপত পায় সকলাে বিনাশ।
কুপিত তােমাৰ দৃষ্টে পৰে যত দেৱ।
নিশ্চয় বিনাশ তাৰ জানি কৰোঁ সেৱ
স্তৱ স্তুতি নাজানােহো কৃপা কৰা দেৱ
নিজ গুণে তুষ্ট হােৱা পদে কৰে। সেৱ।
স্তুতি-মালা।
মহামায়া স্তুতি।
;
নমাে নমো মহামায়া দেৱৰ ঈশ্বৰী
হৰে পূজা কৰে যাৰ কমলচৰণ;
নমাে নমাে ব্ৰহ্মবিদ্যা দিব্য জ্ঞানদাত্রী
মুক্তি মােক্ষ সবাৰৰ কাৰণ।
অজ্ঞান তিমিৰ হন্তে জ্ঞান জ্যোতি দিয়া
দিব্যচক্ষু কৰা উন্মিলন
শােক তাপ দূৰ কৰা জগতজননী
নাশ কৰা মায়াৰ বন্ধন।
ক্ষমাশীলা স্নেহময়ী মূর্তিমতী দয়া
মুক্ত কৰা মুক্তিবিধায়িনী
কুপুত্র যদিও ময় অযােগ্য তােমাৰ
পুত্র তেওঁ তােমাৰে জননী।
মহাদেৱ স্তুতি।
প্রভু ঈশ অনীশ অশেষ গুণ,
তুমি আকৰ পালক দিনজনৰ।
তুমি সাধিছ সদগতি দেৱবৰ,
নাশি দোৰ্ঘোৰ যুদ্ধত দৈত্যকুল।
৮%
স্তুতি-মালা।
তুমি পৰ্বতনন্দিনী পার্বতী সঙ্গে,
ৰাজিছা ধৰি শত শশী কৰঅঙ্গে।
বিধি বিষ্ণু মিলি সদা পাদোপৰি,
স্তুতিবাদ কৰে বহু যুগ ধৰি।
শশীলাঞ্ছিত শাভিত সুন্দৰ ভাল,
তুমি পিন্ধিছ কঙ্কালে ব্যাঘ্ৰৰ ছাল।
নয়ন ত্রয় শােভিত আনন যাৰ,
পৰি পৰি বন্দোহে পদযুগ তাৰ।
বৰদাভয় শূল বিষল ধৰি,
আছ। উদ্ভব পালন নাশ কৰি।
মই পাতকৗ অজ্ঞানী হীনমতি,
তযু কিঙ্কৰ শঙ্কৰ সাধা গতি।
চন্দ্রমৌলী স্তোত্র।
পূর্বকৰ্ম্মপ্রসঙ্গত বহু পাপ আচৰাত
মাতৃ-কুক্ষিত থকাত মই,
বিষ্ঠা-মুত্র সংযুক্ত জঠৰত পৰি থাকি
দুখ-ক্লেশৰ সীমা নাই।
সেই সেই দুখৰ কথা মনে পৰিলে
হৃৎপিণ্ড হয় কম্পমান,
স্তুতি-মালা।
ৰক্ষা অন্য উপায়ে হয়ে জানাে কৰা
চন্দ্রমৌলী পৰিত্ৰাণ।
বাল্যত ক্রীড়াপ্রসক্ত তৰল শিশুমতি
ধূর্জটিৰ ধ্যানশূন্য ;
নিদ্রা তন্দ্র প্রযুক্ত বসন বিহিত
বজ্জিত পাপ পুণ্য।
অল্প মাত্র দুখত ৰােদন কৰে। সদা
ক্ষুদ্র চিন্তাত পীড়মান ;
ৰক্ষা অন্য উপায়ে নহবয়ে জানাে কৰা
চন্দ্রমৌলী পৰিত্ৰাণ।
প্রৌঢ়াবস্থা যৌবনত সুতধন যুবতী
সঙ্গসুখে হতজ্ঞান;
বৃদ্ধত্বও হীনবুদ্ধি বিষয় বিষধৰৰ
বিষে ধ্বংশিকৃত প্রাণ!
ৰক্ষা অন্য উপায়ে নহবয়ে জানাে কৰা
চন্দ্রমৌলী পৰিত্ৰাণ।
স্তুতি।
কপ নাই
প্রভু তথাপি তােমাৰ
অন্তৰত ৰূপধ্যান ;
বাক্যৰ অতীত জানিও তােমাক
স্তুতি কৰে। বহুমান।
সর্বব্যাপী তুমি জানিও নিশ্চয়
তীর্থাদিক যাওঁ খনে ;
জ্ঞানকৃত মােৰ ই তিনি পাতক
ক্ষমা প্রভু নিজ গুণে।
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.